ঢকুৱাখনাত শুদ্ধ ভোটাৰ তালিকা প্ৰকাশৰ দাবী কংগ্ৰেছৰ

৭৭ নম্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিত এখন শুদ্ধ, নিখুঁত আৰু প্ৰকৃত ভোটাৰ যুক্ত ভোটাৰ তালিকা চূড়ান্তভাবে প্ৰকাশৰ দাবী উত্থাপন কৰিছে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
csadsada

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৭৭ নম্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিত এখন শুদ্ধ, নিখুঁত আৰু প্ৰকৃত ভোটাৰ যুক্ত ভোটাৰ তালিকা চূড়ান্তভাবে প্ৰকাশৰ দাবী উত্থাপন কৰিছে ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিয়ে। ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বৰ্তমানৰ ভোটাৰ তালিকাখন ক্ৰুটিপূৰ্ণ, ভেজাল আৰু অশুদ্ধ তথ্যযুক্ত ভোটাৰ তালিকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলটোৱে। দেওবাৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্য্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এক সংবাদমেলত এই সমূহ অভিযোগৰ বহু প্ৰামানিক তথ্য প্ৰদৰ্শন কৰে ব্লক কংগ্ৰেছে। 

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া, প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰ, জিলা কংগ্ৰেছৰ কাৰ্যকৰী সদস্য কেশেন চেতিয়া, সাধাৰণ সম্পাদক ব্ৰজেন চিৰিং, তৰুণ চেতিয়া, বিভিন্ন মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু দলীয় বি এল এ সকল উপস্থিত থকা সংবাদমেলত দলীয় নেতৃত্বই এখন ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাৰ জৰিয়তে বিগত সময়ৰ নিৰ্বাচন সম্পন্ন কৰি যোৱা বুলি অভিযোগ উত্থাপন কৰে ।

 বহু সংখ্যক ভোট কেন্দ্ৰত মৃত, বিবাহ সূত্ৰে স্থান সলনি, স্থায়ী ভাবে স্থানান্তৰিত হোৱা আদি ব্যক্তিৰ নামো সংশোধিত ভোটাৰ তালিকাত উপলব্ধ হোৱা আৰু একে গৰাকী ভোটাৰৰ নাম বহুবাৰ সন্নিবিষ্ট হোৱা , আবেদন কৰাৰ পাছতো ভোটাধিকাৰ প্ৰাপ্ত নাগৰিকক ভোটাধিকাৰ প্ৰদান নকৰা, পূৰ্বে ভোটাধিকাৰ সাব্যস্ত কৰা স্বত্তেও স্থায়ী নাগৰিকৰ নাম তালিকাৰ পৰা চক্ৰান্তমূলকভাবে কৰ্তন কৰা আদি বহু প্ৰামানিক ক্ৰুটি , বিসংগতি সংবাদমেলত প্ৰদৰ্শন কৰে।

WhatsApp Image 2026-01-18 at 5.43.04 PM

ব্লক সভাপতি প্ৰাঞ্জল চুতীয়া, শৰৎ পাতিৰ, তৰুণ চেতিয়া, কেশেন চেতিয়া আদিয়ে সংবাদমেল সম্বোধন কৰি নিৰ্বাচনী বিভাগে নিয়োজিত কৰা বি এল অ সকলৰ পৰামৰ্শ, নাম কৰ্তনৰ ব্যৱস্থা কাৰ্যকৰী কৰাত নিৰ্বাচনী বিভাগ ৰহস্যজনকভাবে ব্যৰ্থ হোৱাৰো অভিযোগ ব্যক্ত কৰি সমগ্ৰ সমষ্টিটোতে উপলব্ধ পৰ্বতসম ভোটাৰ তালিকাৰ বিসংগতি দূৰ কৰাত এইবাৰ জিলা নিৰ্বাচনী বিষয়া তথা ৰাজ্যিক নিৰ্বাচনী বিভাগে  তাৎক্ষণিক ভাৱে গুৰুত্ব দিয়াৰ দাবী জনাইছে।

সমান্তৰালভাৱে অহা ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাবলগীয়া সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকা শুদ্ধ, স্বচ্ছ আৰু ক্ৰুটিমুক্ত কৰাৰ দাবী জনায় অন্যথাই নিকা গণতন্ত্ৰ স্থাপনৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ সকীয়নী দিছে কংগ্ৰেছ দলে।

অসম প্ৰদেশ কংগ্ৰেছ