/asomiyapratidin/media/media_files/2025/10/27/61-2025-10-27-13-38-58.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাৰ অগ্ৰণী ক্ৰীড়া সংগঠন "সোণোৱাল কছাৰী ইয়ং ক্লাব"ৰ উদ্যোগত শনিবাৰে দ্বি-বাৰ্ষিক দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । মাজুলী জিলা, ধেমাজি জিলা , লখিমপুৰ জিলা ,গহপুৰ সমজিলা আৰু ঢকুৱাখনাৰ মুঠ ৮ টা ভলীবল দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হয় কেঁকুৰী কছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ।
বিয়লি ২বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সুদৰ্শন শইকীয়াই আৰু প্ৰতিযোগিতা উপলক্ষত বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে সহকাৰী আয়ুক্ত যমুনা সোণোৱালে । ৰেফাৰী কিৰণ বৰগোঁহাই, গৌতম চমুৱা, প্ৰণৱ কোঁৱৰ, নলীন চেতিয়া, ভূপেন চাংমাই,চন্দন সন্দিকৈ, মৃগাংক দত্ত ,জ্যোতিপ্ৰসাদ চেতিয়া আৰু কুশল বৰুৱাই নিখুঁত পৰিচালনা কৰা উপভোগ্য প্ৰতিযোগিতাত বলিষ্ঠ খেল প্ৰদৰ্শন কৰি চাউলধোৱা ভলীবল দলে চেম্পিয়ন আৰু ৰাহুল ভলীবল দলে ৰানাৰ্ছ আপ দলৰ স্বীকৃতি অর্জন কৰিবলৈ সক্ষম হয় ।
স্থানীয় ক্রীড়াপ্ৰেমী ৰাইজৰ সহযোগিতাত মাজনিশা পৰ্যন্ত অগণন দৰ্শকৰ উপস্থিতিত শৃংখলাবদ্ধভাৱে অনুষ্ঠিত প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিজয়ী দলটোক ক্লাৱৰ সভাপতি জীতেন সোণোৱাল,সম্পাদক প্ৰণৱ সোণোৱালৰ লগতে সমুহ উদ্যোক্তাই আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰি উষ্ণ সম্বৰ্ধনা জনোৱাৰ উপৰিও নগদ ২৫ হাজাৰ টকাৰ প্ৰাইজমানি প্ৰদান কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us