/asomiyapratidin/media/media_files/2025/11/26/324-2025-11-26-09-42-36.jpg)
ডিজিটেল ডেস্ক : সুদীৰ্ঘ ১০ হাজাৰ বছৰৰ মূৰত ইথিঅ’পিয়াত উদগীৰণ হৈছে আগ্নেয়গিৰিৰ। এই আগ্নেয়গিৰিৰ নাম হৈছে হায়লি গুব্বি আগ্নেয়গিৰি। এই আগ্নেয়গিৰিৰ উদগীৰণ ইমানেই প্ৰবল যে, ই কেৱল ইথিঅ’পিয়া অথবা তাৰ আশে- পাশে থকা দেশসমূহতে সীমাবদ্ধ হৈ থকা নাই।
হায়লি গুব্বি আগ্নেয়গিৰিৰ পৰা উদগীৰণ হোৱা ছাই- ধোঁৱাই ভাৰতৰ আকাশ-বতাহ অতিক্ৰম কৰিছে। তাৰোপৰি উত্তৰ- পূৰ্বাঞ্চলৰ আকাশেৰে বৈ চীন দেশৰ দিশে ধাৱমান হৈছে আগ্নেয়গিৰিৰ ছাই আৰু ধোঁৱা।
ইতিমধ্যে দেশৰ ভিতৰতে প্ৰদূষণৰ মাত্ৰাৰে শীৰ্ষত থকা দিল্লী চহৰকো ক্ষতিগ্ৰস্ত কৰিছে এই ছাই- ধূলি আৰু ধোঁৱাই। মহানগৰখনৰ বায়ুমণ্ডলত মিহলি হৈ পূৰ্বতকৈ আৰু অধিক প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিছে। যাৰ বাবে সম্প্ৰতি প্ৰশাসনে ইয়াৰ ভয়াৱহতা আশংকা কৰি সতৰ্কবাণী জাৰি কৰিছে মহানগৰবাসীক।
উল্লেখ কৰা প্ৰয়োজন যে, ইথিঅ’পিয়াত উদগীৰণ হোৱা এই আগ্নেয়গিৰিৰ ধোঁৱাৰ প্ৰবাহে য়েমেন, ওমান আৰু আৰৱ সাগৰেদি আহি ভাৰতৰ আকাশ চুইছেহি। প্ৰথমে এই ছাই আৰু ধোঁৱা গুজৰাট আৰু ৰাজস্থানত প্ৰৱেশ কৰিছিল যদিও এতিয়া সময় বাগৰাৰ লগে লগে আন আন ৰাজ্যতো আগ্নেয়গিৰিৰ ধোঁৱাই চুই গৈছে।
ঘণ্টাত ১০০ কিলোমিটাৰৰো অধিক বেগেৰে গতি কৰা এই ধোঁৱাৰ প্ৰবাহে বিমান যাত্ৰাতো ব্যাঘাত জন্মাইছে। বহুকেইখন বিমান ইতিমধ্যে গতিপথ সলনি কৰিব লগা হৈছে এই ধোঁৱাৰ বাবে। ইফালে আগ্নেয়গিৰি উদগীৰণৰ ফলত বায়ুমণ্ডলত মিহলি হৈছে কাৰ্বন-ডাই- অক্সাইড, ছালফাৰ – ডাই- অক্সাইড গেছ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us