ভি কে আই চিৰ ৩০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে 'জনজাতি সন্মিলন'ৰ আয়োজন

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অৱ কালচাৰ (ভিকেআইচি)ৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি (আৰজিইউ)ত উদযাপন কৰা হ’ব।

author-image
Asomiya Pratidin
New Update
errertgrtyyuyi

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰ ইনষ্টিটিউট অৱ কালচাৰ (ভিকেআইচি)ৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি (আৰজিইউ)ত উদযাপন কৰা হ’ব। এই উপলক্ষে আজি ভি কে আই চি চৌহদত অনুষ্ঠিত হয় এখন সংবাদমেল।

এই সংবাদমেল সম্বোধন কৰি ভি কে আই চি-ৰ নিৰ্দেশিকা তথা ৰয়েল স্কুল অৱ হিউমেনিটিজ এণ্ড লাইফ চায়েন্সেছ, আৰ জি ইউ-ৰ ডীন প্ৰফেছৰ শীলা বৰাই অনুষ্ঠানসমূহৰ বিষয়ে বাখ্যা আগবঢ়ায়। এই সংবাদমেলত আৰ জি ইউ-ৰ জনসংযোগ বিষয়া ড° ৰাণী পাঠক দাসসহ ভি কে আই চি-ৰ অন্যান্য সদস্যসকলো উপস্থিত থাকে।

সংবাদমেলত ডীন শীলা বৰাই উল্লেখ কৰে যে, ভি কে আই চি-ৰ মূল মন্ত্র “সংস্কৃতিয়ে ঐক্য গঢ়ে” (Culture Nurtures Unity)ক প্ৰতিফলিত কৰি ৩০ জানুৱাৰী ২০২৬ তাৰিখে “জনজাতি সন্মিলন” আয়োজন কৰা হ’ব। এই সম্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৪০ টা জনজাতিৰ অংশগ্ৰহণ থাকিব। অনুষ্ঠানত পৰম্পৰাগত হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰদৰ্শনী তথা বিক্ৰী, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু সাংস্কৃতিক নৃত্য-গীতৰ লগতে পাৰস্পৰিক মত-বিনিময়মূলক আলোচনা সভাৰ আয়োজন কৰা হ’ব।

এই “জানজাতি সন্মিলন”-ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰিব। মুখ্য বক্তা হিচাপে অংশ লব বিবেকানন্দ কেন্দ্ৰৰ সৰ্বভাৰতীয় উপ-সভানেত্ৰী মা. নিবেদিতা ভিদে। লগতে সকলো অংশগ্ৰহণকাৰী জনগোষ্ঠীৰ সদস্যসকলে নিজ নিজ পৰম্পৰাগত পোছাক পৰিধান কৰি বাদ্যযন্ত্ৰ আৰু সাংস্কৃতিক অভিব্যক্তিসহ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশ ল’ব।

ইফালে, ভি কে আই চি-ৰ প্ৰতিষ্ঠা দিৱসৰ মুখ্য অনুষ্ঠান ৩১ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত ৰাজ্যৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচার্য মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানতে “ভি কে আই চি সন্মান – ২০২৬” প্ৰদান কৰা হ’ব। ত্ৰিপুৰাৰ মনুৰাম মলশয় আৰু অসমৰ জালেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ’ব এই বৰ্ষৰ সন্মান।

গুৱাহাটী