অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক অধিৱেশনৰ স্থান পৰিদৰ্শন

পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভাৰ আমন্ত্রণমর্মে ২০২৬ বর্ষব ৩১ জানুৱাৰী পৰা অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক অধিৱেশনখনিৰ স্থান শনিবাৰে পৰিদৰ্শন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাৰ লগতে অনুবাদ প্রকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ

author-image
Asomiya Pratidin
New Update
59

ডিজিটেল সংবাদ, গুৱাহাটী : পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভাৰ আমন্ত্রণমর্মে ২০২৬ বর্ষব ৩১ জানুৱাৰী পৰা অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক অধিৱেশনখনিৰ স্থান শনিবাৰে পৰিদৰ্শন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাৰ লগতে অনুবাদ প্রকল্পৰ সঞ্চালক হৃদয়ানন্দ গগৈ, যুৱ সংসদ উপ-সমিতিৰ আহ্বায়ক গৌতম গগৈ, ডিব্রুগড় আঞ্চলিক কার্যালয়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুংসহ এটি সজাতি দলে।

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিভিন্ন স্থানসমূহত অনুষ্ঠিত হ'বলগীয়া নির্ধাৰিত কাৰ্যসূচীসমূহৰ বিষয়ে সজাতি দলটোক আদৰণী সমিতিৰ সভাপতি ড° হীৰালাল বৰা, সাধাৰণ সম্পাদক বিজু দেৱী, অসম চৰকাৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব অনিমেষ তালুকদাৰ, আদৰণী সমিতিৰ বিষয়ববীয়া অনুপ তালুকদাৰ, কলাক্ষেত্র সমাজৰ কবীন্দ্র দাস, নীলকান্ত ৰাংহাং প্রমুখ্যে ভালেকেইজন বিষয়ববীয়াই অৱগত কৰে।

অধিৱেশনৰ সময়ত অনুষ্ঠিত হ'বলগীয়া পতাকা উত্তোলনস্থলী, মুকলি সভা, আজীৱন সভ্য সম্মিলন, শৈক্ষিক উৎসৰ, গ্রন্থমেলা, বিজ্ঞান প্রদর্শনী, লোক পৰিবেশ্য কলা, জনগোষ্ঠীয় সম্মিলন, যুৱ সম্মিলন, এহেজাৰ কবিৰ কবিতাৰে কবি সম্মিলন, 'কুঁহি', 'আকাশ', 'ৰামধেনু', সাহিত্য উৎসৱ, সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্রা, প্রতিনিধি সভা, কার্যনির্বাহক সভা আদিৰ বিশেষ স্থানসমূহ পৰিদর্শন কৰে। উল্লেখ্য সজাতি দলটোৱে অধিবেশনৰ আজীৱন সভ্য সম্মিলনখন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে অনতিপলমে মুকলি কৰিবলগীয়া পাঁচ হাজাৰ আসনযুক্ত বিশেষ প্রেক্ষাগৃহৰো অগ্ৰগতিৰ বুজ লয়।

লগতে, অধিৱেশনৰ সময়ত যান-জটৰ জোৰা মাৰিব পৰাকৈ নিৰ্মাণ হৈ থকা বিভিন্ন পথসমূহৰো অগ্রগতি দেখি সঁজাতি দলটোৱে সন্তুষ্টি প্রকাশ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সদিচ্ছা, বিশেষকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ষীপ্র সহযোগিতাৰ প্রতি সম্মান জ্ঞাপন কৰে। অধিৱেশনৰ সময়ছোৱাত আদৰণী সমিতিয়ে প্রকাশ কৰিবলগীয়া ১০৯ খন গ্রন্থৰ উন্মোচনস্থলী, প্রতিনিধিসকলৰ থকা-খোৱা, ব্যৱস্থাপনা ইত্যাদিৰ সম্পর্কতো সঁজাতি দলটোক আদৰণী সমিতিৰ বিষয়ববীয়াসকলে অৱগত কৰে।

ক্ষেত্র পৰিদৰ্শনৰ অন্তত সভাৰ প্ৰধান সম্পাদকে সাংবাদিকৰ আগত কয় যে এখন অধিৱেশনৰ সফলতা নির্ভৰ কৰে সকলো পক্ষৰ সহযোগিতাতহে, বিশেষকৈ আদৰণী সমিতিৰ দায়িত্ব লাভ কৰা কর্মীসকলৰ নিষ্ঠা, আন্তৰিকতা আৰু ত্যাগৰ বাবেহে। এইক্ষেত্ৰত আদৰণী সমিতিয়ে যথেষ্টখিনি আগবাঢ়ি থকাত সন্তুষ্টি প্রকাশ কৰি প্রধান সম্পাদকে আৰু কয় যে সমাজৰ সৰ্বস্তৰৰ ব্যক্তিক বিভিন্ন দায়িত্বত নিয়োজিত কৰিব পাৰিলে অধিবেশনৰ কাম-কাজ সুচল হৈ উঠাৰ লগতে অসম সাহিত্য সভাৰ সঠিক বার্তা বাইজৰ মাজলৈ যাব।

উল্লেখ কৰিব পাৰি অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱা সকলেহে বিভিন্ন সম্মিলন আৰু কবি সম্মিলনৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব পাৰিব বুলি প্রধান সম্পাদকগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে।

অসম সাহিত্য সভা