স্পীডবোটেৰে দক্ষিণ শালমাৰা -মানকাচৰৰ খহনীয়া অঞ্চল পৰিদর্শন

মন্ত্ৰীগৰাকীয়ে আজি ধুবুৰীত উপস্থিত হৈয়ে ধুবুৰীৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি স্পীডবোটেৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খহনীয়াত আক্ৰান্ত কোক্ৰাডাঙা অঞ্চলটি পৰিদর্শন কৰে।

author-image
Asomiya Pratidin
New Update
164

ডিজিটেল সংবাদ, ধুবুৰী : দেওবাৰে ধুবুৰীত উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে আজি ধুবুৰীত উপস্থিত হৈয়ে ধুবুৰীৰ পৰা পোনে পোনে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি স্পীডবোটেৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খহনীয়াত আক্ৰান্ত কোক্ৰাডাঙা অঞ্চলটি পৰিদর্শন কৰে।

উল্লেখ্য যে, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল কোক্রাডাঙাত প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰি আহিছিল। উক্ত স্থানত জলসম্পদ বিভাগৰ উদ্যোগত জৰুৰীকালীন প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল।

আজি মন্ত্ৰীগৰাকীয়ে উক্ত অঞ্চলত উপস্থিত সামগ্ৰিক দিশ পৰিদৰ্শন কৰাৰ লগতে আৰু স্থানীয় ৰাইজৰ সৈতেও তেওঁ বিনিময় কৰি পৰিস্থিতিৰ বুজ লয়। স্থানীয় ৰাইজৰ আবেদন মৰ্মে খহনীয়াত আক্ৰান্ত এই স্থানত প্ৰায় ৫০০ মিটাৰ অংশত শক্তিশালীভাৱে স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ বাবে জিঅ' মেগা টিউবৰ সহায়ত কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগক নিৰ্দেশ দিয়ে। আজিৰ পৰিদৰ্শনকালত বিধায়ক আমিনুল ইছলাম, জিলা আয়ুক্ত, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা বিজেপিৰ সভাপতিদ্বয়  ৰঞ্জিত কুমাৰ ৰায় আৰু  ৰঞ্জিত কুমাৰ সাহাও উপস্থিত থাকে।

মন্ত্ৰী পীযুষ হাজৰীকা