/asomiyapratidin/media/media_files/2025/10/16/535-2025-10-16-17-19-10.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ অন্তৰ্গত ইটাখোলাৰ মধ্য নাগশংকৰ এলেকাৰ বালিডোঙা, সদাইবৰা, বুকুভঙা, ওৰাং গাঁও, ১ নং ইটাখোলা আদিকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজৰ লগতে কৃষি পথাৰসমুহতো দিকৰাই নদীৰ বাঢ়নী পানীয়ে গড়াখহনীয়াৰ সৃষ্টিকৰি ব্যাপক ভাবেই ক্ষতিগ্ৰস্ত কৰিছিল ৷ যাৰ বাবেই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এইক্ষেত্ৰত বিশেষ তৎপৰতাও গ্ৰহন কৰিছিল ৷
বিধায়কগৰাকীৰ পৰামৰ্শ অনুযায়ী মধ্য নাগশংকৰ পঞ্চায়তৰ সভাপতি লক্ষী কান্ত বৰাই বৃহস্পতিবাৰে জল সম্পদ বিভাগৰ নদুৱাৰ উপ জিলাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গোপীনাথ বৰদলৈ, কনিষ্ঠ অভিযন্তা প্ৰণৱ জ্যোতি গগৈ, শাখা সহায়ক দীপক হাজৰিকাক লগত লৈ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত গাঁও তথা অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ জলসম্পদ বিষয়াগৰাকীয়ে অতি সোনকালে নদীবান্ধ দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ৷