মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীলৈ নাবাৰ্ডৰ মুখ্য মহা প্ৰৱন্ধকৰ ভ্ৰমণ

নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাসে বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ ভ্ৰমণ কৰে। একেদৰে বিজ্ঞানী তথা কৃষি ডিপ্লমা পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনাত  অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
668

ডিজিটেল সংবাদ, বটদ্ৰৱা : নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাসে বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰ ভ্ৰমণ কৰে। একেদৰে বিজ্ঞানী তথা কৃষি ডিপ্লমা পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনাত  অংশগ্ৰহণ কৰে।

কাৰ্যসূচীৰ সময়ত  দাসে গৱেষণা, উদ্ভাৱন আৰু প্ৰতিষ্ঠানিক সহযোগিতাৰ জৰিয়তে কৃষি আৰু গ্ৰামীণ উন্নয়নত নাবাৰ্ডে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেখেতে শস্য উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় উন্নীত কৰাৰ ক্ষেত্ৰত বহনক্ষম আৰু পৰিৱেশ-বান্ধৱ কীট ব্যৱস্থাপনা পদ্ধতিৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

WhatsApp Image 2026-01-21 at 5.52.21 PM (1)

তদুপৰি,  লোকেন দাসে নাবাৰ্ডৰ অৰ্থসহায়ত ড০ ৰূদ্ৰ নাৰায়ণ বৰকাকতিৰ তত্বাৱধানত ৰূপায়ণ হ’বলগীয়া “শস্যৰ কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে বিশেষকৈ ট্ৰাইকোগ্ৰামাটিড জাতৰ জৈৱ নিয়ন্ত্ৰক উৎপাদনৰ উদ্দেশ্যে জৈৱ নিয়ন্ত্ৰণ প্ৰয়োগশালা” শীৰ্ষক প্ৰকল্পখনৰ অনুমোদন পত্ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড॰ হিৰণ্য কুমাৰ বৰাৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

WhatsApp Image 2026-01-21 at 5.52.21 PM

এই প্ৰকল্পৰ লক্ষ্য হৈছে জৈৱিক কীট ব্যৱস্থাপনা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ৰাসায়নিক কীটনাশকৰ পৰিৱেশ-নিৰাপদ বিকল্পৰ ব্যৱহাৰ আৰু প্ৰচাৰ কৰা। কাৰ্যসূচীত নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধক  ৰাজেন্দৰ ৰাজমৌলি পেৰ্না উপস্থিত থাকি  অঞ্চলটোত কৃষি উন্নয়নৰ বাবে নাবাৰ্ডে গ্ৰহণ কৰা ক্ষেত্ৰভিত্তিক কৰ্মৰাজীৰ বিষয়ে ভাষণ প্ৰদান কৰে।

কাৰ্যসূচীৰ আৰম্ভণিতে ড॰ হিৰণ্য কুমাৰ বৰাই আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয় আৰু নাবাৰ্ডৰ মাজত দীৰ্ঘদিনীয়া সমন্বয়, সহযোগিতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ বিজ্ঞানীসকল, শিক্ষকবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সভাখনৰ অন্তত  ড০ অৰূপ কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। 

NABARD