/asomiyapratidin/media/media_files/2025/12/13/ujjjss-2025-12-13-10-57-26.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাৰ মুখত জয় জুবিনদা। অভিযোগনামা দাখিলৰ দিনটোতে উমৰাংছ'ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই স্মৰণ কৰিলে জুবিনদাক।
উল্লেখযোগ্য যে শীতৰ আগমনৰ লগে লগে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ লগতে দেশী-বিদেশী চৰাইৰ আগমনে বিনন্দীয়া কৰি তুলে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থান । তেনেই এক আকৰ্ষণীয় মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায় পাৰ্বত্য জিলা ডিমা হাছাওৰ উমৰাংছ'ত।
গুৰুত্বপূৰ্ণ যে পৰিভ্ৰমী চৰাই সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম এক উৎসৱ হৈছে ফেলকন উৎসৱ। অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত উদ্যাপন কৰা হয় এই বাৰ্ষিক উৎসৱ। প্ৰতি বছৰে অক্টোবৰ–নৱেম্বৰ মাহত এই উৎসৱ অনুষ্ঠিত কৰা হয়।
বছৰৰ এই সময়ছোৱাত, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়। বন বিভাগে দিয়া তথ্য অনুসৰি অক্টোবৰ মাহৰ শেষৰ ফালৰ পৰা দক্ষিণ আফ্ৰিকা, পূব আফ্ৰিকা আৰু চাইবেৰিয়াৰ পৰা আৰাবিয়ান সাগৰ অতিক্ৰম কৰি অমুৰ ফেলকন পক্ষী আহে অসমৰ অন্যতম এই পাহাৰীয়া জিলাখনলৈ ।
অন্য বৰ্ষৰ দৰে এইবেলিও উমৰাংছ'ত আয়োজন কৰা এই ফেলকন উৎসৱত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাই ১২ ডিচেম্বৰৰ নিশাৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে। সুৰকাৰ তথা গায়ক বিশাল মিশ্ৰাই ফেষ্টিভেলৰ আৰম্ভণি অনুষ্ঠানত সুৰৰ মায়াজাল ৰচনা কৰাৰ আৰম্ভণিতে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্ৰাৰ মুখত শুনিবলৈ পোৱা গ'ল জয় জুবিনদা।
অভিযোগনামা দাখিলৰ দিনটোতে উমৰাংছ'ৰ ফেলকন ফেষ্টিভেলত বিশাল মিশ্ৰাই মায়াবিনী গীত আওৰাই জুবিনদাক স্মৰণ কৰাৰ লগতে বাৰে বাৰে গীতৰ মাজে মাজে চিঞৰি উঠিল জয় জুবিনদা। আৰু তাৰ পাছতেই অনুৰাগী, দৰ্শকেও একেলগে জুবিনদাৰ মায়াবিনী গীত আওৰাই কিছু সময়ৰ বাবে আবেগিক কৰি তোলে ফেলকন ফেষ্টিভেলৰ বাকৰি।
আনহাতে, অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ ১৩ ডিচেম্বৰত নিশা সুৰৰ মায়াজাল ৰচিব আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শিল্পা ৰাওৱে। নেপথ্য গায়িকা নিকিতা গান্ধীয়েও সংগীত পৰিৱেশন কৰিব আয়োজিত এই ফেলকন ফেষ্টিভেলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us