চৰ্চাত বিজয়-ৰশ্মিকাৰ বিবাহ

সুদীৰ্ঘ ৫ বছৰীয়া প্ৰেম কাহিনীয়ে লাভ কৰিলে পূৰ্ণতা। যোৱা ২৬ ফেব্ৰুৱাৰীত উদয়পুৰ ৰিজ'ৰ্টত তেলুগুম আৰু কোডাভা ৰীতি-নীতিৰে দাম্পত্য জীৱনৰ বন্ধনত বন্দী হ'ল দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-01 at 9.35.30 PM

ডিজিটেল  ডেস্কঃ সুদীৰ্ঘ ৫ বছৰীয়া প্ৰেম কাহিনীয়ে লাভ কৰিলে পূৰ্ণতা। যোৱা ২৬ ফেব্ৰুৱাৰীত উদয়পুৰ ৰিজ'ৰ্টত তেলুগুম আৰু কোডাভা ৰীতি-নীতিৰে দাম্পত্য জীৱনৰ বন্ধনত বন্দী হ'ল দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। 

WhatsApp Image 2026-03-01 at 9.14.18 PM

দেশজুৰি উদযাপন কৰিছে  বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানাৰ বিবাহৰ আনন্দ। বিজয়-ৰশ্মিকাই তেওঁলোকৰ এই বিশেষ দিনটো যুগমীয়া কৰাৰ উদ্দেশ্যৰে আজি  বিশেষ 'অন্নদানম' অনুষ্ঠান আৰু দেশৰ বিভিন্ন চহৰলৈ মিঠাই প্ৰেৰণ কৰিছে। নৱ দম্পতীহালে সামাজিক মাধ্যমত এক পোষ্টযোগে অৱগত কৰে যে- সকলো অৰুৰাগীলৈ অশেষ ধন্যবাদ জনাইছো। অনুৰাগীসকল আমাৰ এই কাহিনীৰ এক অবিচ্ছেদ্য অংগ আৰু সেয়ে তেওঁলোকৰ সৈতে এই আনন্দ উপভোগ কৰিলেহে প্ৰকৃত সুখ লাভ হ'ব। 

WhatsApp Image 2026-03-01 at 9.36.33 PM

উল্লেখ্য যে, অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ মাজত বিজয়-ৰশ্মিকাৰ মিঠাই বিতৰণ আৰু 'অন্নদানম' কাৰ্যসূচীয়ে অনুৰাগীৰ সৈতে তেওঁলোকৰ মধুৰ বান্ধোনক প্ৰতিফলিত কৰিছে। বিবাহ অনুষ্ঠান উদযাপনৰ অংশস্বৰূপে দেশৰ চুকে-কোণে মিঠাই বিতৰণ কৰে। অসমৰ গুৱাহাটীৰ লগতে হায়দৰাবাদ, দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, আহমেদাবাদ, জয়পুৰ, কোচ্চি, বিজয়ৱাড়া, মহীশূৰ, পুডুচেৰী আদি কেইবাখনো উল্লেখযোগ্য চহৰত মিঠাই বিতৰণ আছে। 

ইপিনে মিঠাই বিতৰণৰ লগতে দেশৰ বিভিন্ন স্থানৰ মন্দিৰত 'অন্নদানম'ৰো আয়োজন কৰে দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় আৰু ৰশ্মিকাই। 
অসমৰ গুৱাহাটীৰ উলুবাৰীস্থিত শ্ৰী শ্ৰী ৰুক্মিণী কৃষ্ণ মন্দিৰত 'অন্নদানম'ৰ আয়োজন কৰে। লগতে উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰতো এই অন্নদানম কাৰ্যসূচীৰো আয়োজন কৰা পৰিলক্ষিত হয়। মূলত এই 'অন্নদানম' হৈছে মন্দিৰলৈ অহা ভক্ত আৰু দৰ্শনাৰ্থীক বিনামূলীয়াকৈ আহাৰ আগবঢ়োৱাৰ এক পৰম্পৰা।

WhatsApp Image 2026-03-01 at 9.36.34 PM

বিজয় দেৱৰাকোণ্ডা-ৰশ্মিকা মান্দানা