কি কাৰনত বিৰাট আৰু ৰোহিতৰ ২কোটি টকাকৈ দৰমহা কৰ্তন কৰিব বি চি চি আয়ে!

২০২৫ চনৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (BCCI) কেন্দ্ৰীয় চুক্তিৰ নীতি পুনৰীক্ষণ কৰাৰ খবৰ মিডিয়াত ওলাইছে। এই পুনৰীক্ষণৰ অংশ হিচাপে BCCI-ই কেইবাজনো জ্যেষ্ঠ খেলুৱৈৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ  ২০২৫ চনৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (BCCI) কেন্দ্ৰীয় চুক্তিৰ নীতি পুনৰীক্ষণ কৰাৰ খবৰ মিডিয়াত ওলাইছে। এই পুনৰীক্ষণৰ অংশ হিচাপে BCCI-ই কেইবাজনো জ্যেষ্ঠ খেলুৱৈৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত লোৱা বুলি চৰ্চা চলিছে।

ভিন্ন ফৰমেটৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিৰ বাবে এই দৰমহা কৰ্তন আচঁনিৰ ভিতৰত তেওঁলোকক অন্তভূক্ত কৰিব পাৰে বুলি চৰ্চা চলিছে। দৰমহা কৰ্তনৰ এই প্ৰক্ৰিয়াটো বুজিবলৈ আমি প্ৰথমতে জানিব লাগিব বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিৰ এই কথা-  


কেন্দ্ৰীয় চুক্তিৰ বৰ্তমানৰ স্তৰ (২০২৩-২০২৭): BCCI-ৰ কেন্দ্ৰীয় চুক্তি মূলতঃ তিনিটা স্তৰত ভাগ কৰা হয়।

•    A+ স্তৰ: বছৰি ৭ কোটি টকা। (বৰ্তমান কোহলি আৰু ৰোহিত এই স্তৰত আছে)
•    A স্তৰ: বছৰি ৫ কোটি টকা।
•    B স্তৰ: বছৰি ৩ কোটি টকা।
•    C স্তৰ: বছৰি ১ কোটি টকা।


কি কি কাৰণৰ ওপৰত ভিত্তি কৰি বি চি চি আয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে- 

  1. বয়স আৰু ভৱিষ্যতৰ পৰিকল্পনা: কোহলী আৰু ৰোহিত দুয়ো ৩৫+ বয়সৰ হোৱাৰ লগে লগে BCCI-ই দীৰ্ঘম্যাদী দল গঠন আৰু নতুন প্ৰতিভাবোৰক স্থিতিশীল আৰ্থিক সুৰক্ষা দিয়াৰ দিশত গুৰুত্ব আৰোপ কৰিব পাৰে। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। 
  2.  ফৰ্মত পৰিৱৰ্তন: দুয়ো খেলুৱৈয়ে শীৰ্ষস্থানীয়, কিন্তু T20 আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁলোকে তিনিটা ফৰ্মেটত নিয়মীয়াকৈ নেখেলিবও পাৰে।
  3. বাজেট ব্যৱস্থাপনা: জ্যেষ্ঠ খেলুৱৈসকলৰ উচ্চ দৰমহাৰ কিছু অংশ তৰুণ খেলুৱৈ, ক্ৰীড়া বিজ্ঞান উন্নয়নলৈ ঘূৰাই নিবলৈ বোৰ্ডে চিন্তা কৰিব পাৰে।
  4. কৰ্মদক্ষতা-ভিত্তিক প্ৰণালী: চুক্তিৰ দৰমহা সম্পূৰ্ণৰূপে বৰ্তমানৰ দলীয় স্থান আৰু নিৰ্দিষ্ট ফৰ্মেটত উপলব্ধতাৰ ওপৰত নিৰ্ভৰশীল কৰাৰ প্ৰস্তাৱো আলোচনাত থাকিব পাৰে।

এই চাৰিটা দিশৰ ওপৰত ভিত্তি কৰি বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ বৰ্তমানৰ এ প্লাছ কেটেগৰীৰ পৰা এ গ্ৰেডলৈ অৱনমিত কৰিব পাৰে। এই খবৰবোৰ মিডিয়া সূত্ৰৰ ওপৰত আধাৰিত। BCCI-ৰ আনুষ্ঠানিকভাৱে কোনো বিবৃতি এই সম্পৰ্কে এতিয়াও প্ৰকাশ কৰা নাই।  গতিকে, ২০২৫ চনৰ এপ্ৰিল-মে’ মাহৰ আশে-পাশে চূড়ান্ত সিদ্ধান্ত আৰু আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে।

বিৰাট কোহলি বিৰাট কোহলী