সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হিট লিষ্টত প্ৰধানমন্ত্ৰী মোডী, বিৰাট কোহলীৰ নাম…

সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ হিট লিষ্টত প্ৰধানমন্ত্ৰী মোডী, বিৰাট কোহলীৰ নাম…

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নাম সলনি কৰা হৈছে।সন্ত্ৰাসবাদী সংগঠনটোৰ নতুন ৰাখিছে ইণ্ডিয়া লস্কৰ-ই-তৈবা। জম্মু-কাশ্মীৰৰ পৰাকেন্দ্ৰীয় চৰকাৰে ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ পাছত চিন্তিত হৈ পৰা এই সন্ত্ৰাসবাদীসংগঠনটোৱে প্ৰস্তুত কৰিছে এখন হিট লিষ্ট। আৰু এই তালিকাখনত আছে কেইবাজনো ভাৰতীয়বিশিষ্ট লোকৰ নাম।

সন্ত্ৰাসবাদী সংগঠনটোৰ এই হিটলিষ্টত আছে প্ৰধানমন্ত্ৰী মোডী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ভাৰতীয় ক্ৰিকেটাৰবিৰোট কোহলীৰ নাম। উল্লেখ্য যে, ভাৰতীয় নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত সংগঠনটোৰসন্ত্ৰাসবাদী সদস্য মৃত্যু হোৱাৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে প্ৰস্তুত কৰিছে এই হিটলিষ্টখন।

লক্ষণীয় যে, এটা সন্ত্ৰাসবাদীসংগঠনৰ হিট লিষ্টত প্ৰথমবাৰৰ বাবে এজন ক্ৰিকেটাৰৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।লস্কৰ-ই-তৈবাই এই তালিকাখন প্ৰেৰণ কৰিছে এন আই এক। লগতে তাত উল্লেখ কৰা হৈছেইণ্ডিয়া লস্কৰ-তৈবা হাই পাৱাৰ কমিটী কোঞিকোড কেৰালা।

উল্লেখ্য যে, এই তালিকাখনত আছেগৃহমন্ত্ৰী অমিত শ্বাহ, জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, বিজেপিৰ কাৰ্যকৰীসভাপতি জেপি নড্ডা, লালকৃষ্ণ আদৱাণী, আৰ এছ এছ মুৰব্বী মোনহ ভাগৱতৰো নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in