/asomiyapratidin/media/media_files/2025/10/05/new-ap-web-3-22-2025-10-05-12-52-01.jpg)
ডিজিটেল ডেস্কঃ শ্যামকানু মহন্তই আয়োজন কৰা ৰঙালী অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ সভাপতি উৎপল শৰ্মাই কৰা কেতবোৰ মন্তব্য এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। জুবিনৰ মৃত্যুৰ পাছতেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি য়ট পাৰ্টিত থকা সকলোকে তদন্তৰ আওঁতালৈ আনি পানী নসৰকা তদন্তৰ দাবী উত্থাপন কৰি আহিছে উৎপল শৰ্মাই।
তাৰ মাজতেই শৰ্মাই শ্যামকানুক উচ্চ প্ৰশংসা কৰি তেওঁক জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শৰ একান্ত অনুগামী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কৰা মন্তব্য ভাইৰেল হৈ পৰিছে। খানাপাৰাত অনুষ্ঠিত হোৱা ৰঙালীৰ এক অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনৰ নেতাৰ লগতে আছুৰ সভাপতিগৰাকীও উপস্থিত থাকি সম্বৰ্ধনা গ্ৰহণ কৰাৰ লগতে ৰঙালী আৰু শ্যামকানু মহন্তক উৎপল শৰ্মাই উচ্চ প্ৰশংসা কৰিছিল।
তেওঁ কৈছিল- ‘’ৰঙালী এতিয়া কেৱল এটা সাংস্কৃতিক অনুষ্ঠান হৈ থকা নাই অসমত এটা সামাজিক, সাংস্কৃতিক আন্দোলনৰ নাম হৈ গৈছে। সেই কাৰণে শ্যামকানু মহন্ত ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছো।‘’
উৎপল শৰ্মাই আৰু কৈছিল- ‘’ৰঙালী সেইজোপা ওখ গছ যি আকাশ চুবলৈ সদায় এঢাপ এঢাপকৈ বাঢ়ি আছে কিন্তু একে সময়তে শিপাটোও ইমান মজবুত হৈ আছে যে কোনো কাৰণত কোনো ধুমুহাত উভালি নপৰে। আৰু আটাইতকৈ ডাঙৰ কথা জ্যোতি প্ৰসাদ আগৰৱালাদেৱে যিটো কথা কৈ থৈ গৈছিলে সেই চিন্তাটো ৰঙালীত প্ৰতিফলিত হয় যে, লুইতৰ পাৰেৰে, জান-জুৰি, নিজৰাৰ পাৰেদি জোনাকত বালি-ভাত খাই মহাভাৰতৰ বাটেদি বিশ্বসভাহলৈ যায়।‘’
উৎপল শৰ্মাৰ সেই ভাষ্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। আছুৰ সদস্যসকলে সামাজিক মাধ্যমত উৎপল শৰ্মাৰ সপক্ষে অৱস্থান কৰি বিভিন্ন মন্তব্য কৰাৰ বিপৰীতে আন একাংশই তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে। অৱশ্যে তাৰ মাজতেই ফেচবুকৰ জৰিয়তে উৎপল শৰ্মাই এই সন্দৰ্ভত নিজা স্থিতি স্পষ্ট কৰিছে।
উৎপল শৰ্মাৰ স্পষ্টিকৰণ
জীৱনৰ শেহতীয়া বিড়ম্বনা এইটোৱেই যে- শ্যামকানু মহন্তৰ সৈতে উঠা ফটো আছে; কিন্তু জুবিন গাৰ্গৰ সৈতে উঠা ফটো মোৰ সৈতে নাই।
অৱশ্যে এইটোও ঠিক যে শাসক-বিৰোধী দলৰ এনে কোনো জ্যেষ্ঠ নেতা নাই, অসমৰ সমাজ জীৱনৰ এনেকুৱা কোনো পৰিচিত মুখ নাই যাৰ সৈতে শ্যামকানু মহন্তই ফটো উঠি থোৱা নাই।
কালিৰে পৰা দেখিছোঁ শ্যামকানু মহন্তৰ সৈতে মোৰ দুখন ফটো আৰু এটা ভিডিঅ’ হঠাতে বহুজনে বৰ আগ্ৰহেৰে আপলোড কৰিছে। এখন ফটো আৰু একমাত্ৰ ভিডিঅ’টো খানাপাৰাত 'ৰঙালী' অনুষ্ঠানত আন বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে মই উপস্থিত থকা কাৰ্যসূচীৰ আৰু আনখন ড০ সমূজ্জ্বল ভট্টাচাৰ্য্যৰ মাতৃ বিয়োগৰ খবৰ ল'বলৈ আহি তেওঁ আমাৰ সৈতে উঠা ফটো। কেতবোৰ বিশেষ ফেচবুক পেজৰ পৰাও উছাহেৰে আপলোড কৰা হৈছে; যিবোৰ পেজ অলপ স্ক্ৰ'ল কৰিলেই কাৰ প্ৰম'ছনৰ কাৰণে সেই পেজ ব্যৱহাৰ হৈ আহিছে স্পষ্ট হৈ পৰে।
খানাপাৰা ফিল্ডত ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত “ৰঙালী” অনুষ্ঠানত অংশগ্ৰহণৰ ফটো ইয়াৰ পূৰ্বলৈকে মোৰ ফেচবুক, টুইটাৰৰ প্ৰ’ফাইলতে উপলভ্য আছিল। এতিয়া ইচ্ছুক লোকসকলে ভগাব পৰাকৈ পৰ্যাপ্ত স্ক্ৰীণশ্বট সংগ্ৰহ কৰিলে বুলি নিশ্চিত হোৱাৰ পাছত সেই পোষ্ট দুটা ডিলিট কৰিছোঁ। শ্যামকানুৰ শেহতীয়া কৰ্মকাণ্ডৰ পাছত তেওঁৰ অনুষ্ঠানৰ কিবা স্মৃতি মোৰ সামাজিক মাধ্যমৰপ প্ৰ'ফাইলত ধৰি ৰাখিবলগীয়া আছে বুলি মই আৰু অনুভৱ কৰা নাই।
মই সেইসকলৰ ভিতৰত নপৰোঁ যি যোৱা অনুষ্ঠানটোত নাই যোৱা বুলি ক’ম। ‘ৰঙালী’লৈ এবাৰ গৈছোঁ; তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন, থলুৱা খাদ্য আৰু বস্ত্ৰ শিল্পৰ বিপণন দেখি প্ৰশংসাও কৰিছোঁ। অৱশ্যে উৎসৱ পতাৰ নামত যে লাখ লাখ চৰকাৰী ধনৰ শৰাধ হয়, তেতিয়া জনা নাছিলোঁ। সেয়া চিংগাপুৰৰ ঘটনাৰ পাছৰ চৰ্চাতহে অৱগত হৈছিলোঁ। সেয়ে লগে লগে অৰ্থনৈতিক অপৰাধৰ তদন্তও দাবী কৰিছোঁ; ED ব্যৱহাৰ কৰিবলৈ ৰাজহুৱা আহ্বান জনাইছোঁ।
চৰকাৰী বিভাগে কিমান টকা দিলে আৰু তাৰ ব্যৱহাৰ ক’ত কৰিলে সেই সম্পৰ্কে Audit Report আৰু শ্বেতপত্ৰ প্ৰকাশ কৰাৰো দাবী জনাই আহিছোঁ।
শ্যামকানু মহন্তই নিজকে জহাবলৈ আটাইতকৈ বেছি ফটো বোধহয় জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰীৰ লগতেই উঠিছিল; আপলোড কৰিছিল। অথচ জুবিন গাৰ্গৰ সৈতেই আটাইতকৈ ডাঙৰ অন্যায় কৰিলে। গতিকে শ্যামকানুৰ সৈতে ফটো থাকিল বুলিয়েই, চিংগাপুৰৰ ঘটনাৰ এবছৰ আগত শ্যামকানুৰ অনুষ্ঠানত বক্তব্য প্ৰদানৰ ভিডিঅ’ আছে বুলিয়েই কোনোবাই জুবিন গাৰ্গৰ ন্যায়াৰ কাৰণে মাত মাতিব নোৱাৰিব সেইয়া কিদৰে যুক্তিসংগত!
এটা পক্ষই শ্যামকানুৰ লগত চৰকাৰৰ মানুহৰ ফটো বিয়পাইছে; এটা পক্ষই বিৰোধী দলৰ মানুহৰ ফটো ভগাইছে। কোনোৱে কোনোৱে আমোলা, আৰক্ষী বিষয়া, শিল্পী, সাংবাদিক, বুদ্ধিজীৱীৰ! শেহতীয়াকৈ জাতীয় সংগঠনৰ নেতৃবৰ্গৰ ফটো ভাইৰেল কৰা হৈছে। নাজানোঁ এই প্ৰচেষ্টাই জুবিন গাৰ্গক ন্যায় দিয়াত কি অৱদান যোগাব। যদি এইবোৰ পুৰণি ফটো, ভিডিঅ’ প্ৰকাশ হোৱাৰ ফলত প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে আমি মাত নামাতিম বুলি কোনোবাই ভাবিছে তেন্তে ভুল ভাবিছে। এটা কথা খাটাং এই ব্যক্তিগত আক্ৰমণবোৰৰ পাছতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আমি অলৰ অটল হৈয়ে থাকিম।
অসমৰ জাতীয় সম্পদ হেৰাই গৈছে শ্যামকানু, সিদ্ধাৰ্থৰ অৱহেলাৰ কাৰণে। এই ভুলৰ ক্ষমা নাই। শ্যামকানু, সিদ্ধাৰ্থৰ শাস্তিৰ দাবীত মাত মাতিমেই; প্ৰতিবাদ কৰিমেই। তাত কোনো যদি, কিন্তু, পৰন্তু নাই। কোনো কুৎসা ৰতনাই প্ৰাণৰ শিল্পীৰ ন্যায়াৰ সংগ্ৰামখনৰ পৰা আমাক বিচলিত কৰিব নোৱাৰে।
অন্ততঃ জুবিন গাৰ্গৰ বাবেই জুবিন গাৰ্গে শিকোৱা বাক্যশাৰীকে ন্যায়কামী জনতাই বুকুত ৰুই ল’ব লাগিব- জুবিন দাক ন্যায় প্ৰদানৰ ক্ষেত্ৰত “….কাকো খাতিৰ নকৰোঁ।” (উৎপল শৰ্মাৰ ফেচবুক পোষ্ট)