ভাইৰেল ফোন কল! কংগ্ৰেছত টিকটৰ বাবে সংখ্যালঘু প্ৰাৰ্থীয়ে দিব লাগে ১০লাখ টকাৰ আগধন...

নিৰ্বাচনৰ দিন চমু চাপিছে ঠিকেই, কিন্তু এই সময়তো কংগ্ৰেছক পুনৰ অভ্যন্তৰীণ বিতৰ্কই কঁপাই তুলিছে। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ফোন টেপিং। এই বিশেষ ফোন- টেপিঙটোৱে কংগ্ৰেছৰ ভিতৰৰ টিকট কিনা বেচাৰ ৰাজনীতিৰ পৰা পৰ্দা আঁতৰাইছে।

author-image
Asomiya Pratidin
New Update
ujsjjsjs

ডিজিটেল ডেস্কঃ  নিৰ্বাচনৰ দিন চমু চাপিছে ঠিকেই, কিন্তু এই সময়তো কংগ্ৰেছক পুনৰ অভ্যন্তৰীণ বিতৰ্কই কঁপাই তুলিছে। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ফোন টেপিং। এই বিশেষ ফোন- টেপিঙটোৱে কংগ্ৰেছৰ ভিতৰৰ টিকট কিনা বেচাৰ ৰাজনীতিৰ পৰা পৰ্দা আঁতৰাইছে।

মঙ্গলদৈৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে স্বয়ং এই কলটোক সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই বিষয়টোৱে অসমৰ ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ফোনকলৰ অডিঅ'টো। 

উক্ত ফোন- টেপিঙটোৰ কথোপকথনত সংখ্যালঘু প্রাৰ্থীক টিকট দিবৰ বাবেই ১০ লাখ টকা আগধন দাবী কৰা কথা স্পষ্ট হৈছে। কলটোৰ এফালে আছিল দিল্লীৰ এগৰাকী নাৰীৰ কণ্ঠ, আনফালে আছিল অসমৰ এজন টিকট দালালৰ কন্ঠ। এই বিশেষ ফোন টেপিঙটোৱে কংগ্ৰেছৰ ভিতৰৰ অপ্ৰত্যাশিত টিকট বেপাৰৰ দৃশ্যটোক স্পষ্টকৈ দেখুৱাইছে।

উল্লেখযোগ্য যে, প্ৰথমে এই ফোন কলটোক ভুৱা বুলি ধাৰণা কৰা হৈছিল যদিও কংগ্ৰেছ নেতা আনোৱাৰ হুছেইন লস্কৰে ৰকিবুল হুছেইনৰ ওপৰত দোষাৰোপ কৰি দলৰ টিকট দিয়াৰ ক্ষেত্ৰত  ধন–প্ৰভাৱৰ কথা মুকলিকৈ প্ৰকাশ কৰে। সংবাদমাধ্যমৰ আগত আনোৱাৰ হুছেইন লস্কৰে এই অভিযোগ উত্থাপন কৰাৰ পাছতে তেওঁলৈ কংগ্ৰেছ নেতৃত্বই শ্ব'কজ নটিচো প্ৰেৰণ কৰিছে। 

https://www.facebook.com/share/v/16qKJJFn29/

কংগ্ৰেছ