ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ সম্ভলত মছজিদৰ জৰীপক লৈ দেওবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত ইতিমধ্যে ৪জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰোপৰি জিলাখনত ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ লগতে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ১৯ নৱেম্বৰৰ পৰাই সম্ভলত উত্তেজনা অব্যাহত আছিল।জামা মছজিদৰ স্থানত হৰিহৰ মন্দিৰ থকাৰ দাবীৰে কৰা এক আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে প্ৰথমবাৰৰ বাবে জামা মছজিদৰ জৰীপৰ নিৰ্দেশ দিছিল। লগে লগে মছজিদৰ জৰীপৰ বিৰোধীতা কৰি একাংশ স্থানীয় লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।
এই প্ৰতিবাদৰ সময়তে নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। উক্ত ঘটনাত ২৮জন লোক আঘাতপ্ৰাপ্ত হয়। এনে পৰিস্থিতিৰ ফলত জিলাখনত কঠোৰ হৈ পৰিছে সম্ভল প্ৰশাসন। সম্ভলত ৩০ নৱেম্বৰলৈকে বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে জিলা প্ৰশাসনে।
দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পেনচিয়াই কয় যে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ উলংঘন কৰিলে বিএনএছৰ ধাৰা ২২৩ ৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,সম্বলত সংঘটিত এই হিংসাত্মক ঘটনাৰ বাবে যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। উত্তৰ প্ৰদেশ চৰকাৰে বিভাজন সৃষ্টি কৰাৰ অভিযোগ তুলি এই ঘটনত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী জনাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।