/asomiyapratidin/media/media_files/2026/01/07/whatsapp-im-2026-01-07-14-51-26.jpeg)
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ইটোৰ পাছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। এক প্ৰকাৰ লক্ষ্য কৰি লোৱা হৈছে নেকি সংখ্যালঘু যুৱকক। শেহতীয়া তথ্য অনুসৰি ২০ দিনৰ ভিতৰত ৭ টাকৈ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, মিথুন সৰকাৰ নামৰ এজন হিন্দু যুৱকক হত্যাৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশত। মঙলবাৰে বিয়লি ভাণ্ডাৰপুৰ গাঁৱৰ এই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইপিনে এনে পৰিস্থিতিৰ পাছতে উত্থাপন হৈছে বহু প্ৰশ্ন। ইমান হত্যাকাণ্ড সংঘটিত হোৱাৰ পাছতো কিয় নিমাত প্ৰশাসন?
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2-2026-01-07-14-51-53.jpeg)
এইখিনিতে উল্লেখ কৰিব লাগিব যে, বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য। এক এক বিবৃতিযোগে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে। ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত সংঘটিত হৈছে কমেও ৫১টা হিংসাত্মক ঘটনা।, ইয়াৰ ভিতৰত ১০টা হত্যা, ১০টা চুৰি আৰু ডকাইতিৰ কাণ্ড, ২৩টা ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ, আৰু মাটি জব্দ কৰাৰ গোচৰ, লুটপাত আৰু অগ্নিসংযোগৰ লগতে নিৰ্যাতনৰ চাৰিটা গোচৰ, এটা ধৰ্ষণৰ চেষ্টা আৰু তিনিটা আক্ৰমণৰ গোচৰ।
প্ৰণিধানযোগ্য যে, ২০২৫ বৰ্ষৰ ডিচেম্বৰৰ আৰম্ভণিতে ৰাজবাৰীত অমৃত মণ্ডলক প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে মৈমেন সিঙত দিপু চন্দ্ৰ দাসক প্ৰহাৰ কৰি হত্যা কৰাই নহয় সেই মৃতদেহ জ্বলাই দিয়াৰ খবৰো লাভ কৰা গৈছিল। এি সমূহ ঘটনা মাৰ নৌযাওতেই ২ জানুৱাৰীত সত্য ৰঞ্জন দাস, ৩ জানুৱাৰীত খোকন চন্দ্ৰ দাসক হত্যা কৰে। ইপিনে সেইদিনাই ৰাতিপুৱা চট্টগ্ৰামৰ বোৱালখালি উপাজিলাৰ আমুচিয়া ইউনিয়নৰ ৪ নং ৱাৰ্ডত থকা মিলন দাসৰ ঘৰত লুটপাত চলোৱাৰ লগতে পৰিয়ালৰ সকলো সদস্যক পণবন্দী কৰে। একেদিনাই চনু দাসৰ ঘৰত সংঘটিত হয় একেধৰণৰ ঘটনা।
আনপিনে ৪ জানুৱাৰীত শুভো পোদ্দাৰ আৰু ৫ জানুৱাৰীত ৰাণা প্ৰতাপ বৈৰাগীক হত্যা কৰা হৈছিল। ইপিনে কালিগঞ্জ ঝেনৈদাত এগৰাকী ৪০ বছৰীয়া হিন্দু বিধৱা মহিলাকো ধৰ্ষণ চেষ্টা চলোৱা হৈছিল। নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে এনে হিংসা বৃদ্ধি পাব ধৰিছে যাৰ ফলত গণতান্ত্ৰিক প্ৰক্ৰিয়াত সম্ভাৱ্য প্ৰভাৱ পৰাৰ আশংকা কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/07/whatsapp-image-2026-01-07-14-52-14.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us