/asomiyapratidin/media/media_files/2026/03/03/218-2026-03-03-23-01-36.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : অসম চৰকাৰৰ কৃষি বিভাগৰ সচিবৰ নিৰ্দেশনাও নামানে শোণিতপুৰৰ জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাই। কৃষি বিভাগৰ উত্তৰ অসমৰ যুটীয়া সঞ্চালক হিচাপে পদোন্নতি দিয়াৰ পিছতো জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে উঠিছে চকী এৰি নিদিয়াৰ অভিযোগ।
একেলগে জিলা কৃষি বিষয়া আৰু যুটীয়া সঞ্চালকৰ চকী দখল কৰি ৰখাৰ চেষ্টা বিষয়া শৰ্মাৰ। জিলা কৃষি বিষয়া নৰেন চন্দ্ৰ শৰ্মাৰ ভূমিকাক লৈ কৃষি বিভাগত ব্যাপক প্ৰতিক্ৰিয়া। উল্লেখ্য যে, এইক্ষেত্ৰত ২৭/০২/২০২৬ তাৰিখে বিভাগীয় সচিবে No.E -218311/168 পত্ৰযোগে এই নিৰ্দেশনা জাৰি কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us