/asomiyapratidin/media/media_files/2025/12/12/whatsapp-imag-2025-12-12-17-54-25.jpeg)
ডিজিটেল ডেস্কঃ ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গট সকলোৰে এটা পৰিচিত নাম। এই বিনেশ ফ’গটে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মল্লযুঁজাৰুগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/116961da-590.jpg)
উল্লেখ্য় যে,অৱসৰৰ পৰা ইউ টাৰ্ণ ঘোষণা কৰিছে খেলুৱৈগৰাকীয়ে। চলিত বৰ্ষৰ আগষ্ট মাহত বিনেশ ফ’গাটে ক্ৰীড়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছিল। কিন্তু খেলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত অৱশেষত প্ৰত্যাখ্যান কৰিছে। পুনৰ আখড়াত প্ৰৱেশ কৰিবলৈ সাজু বিনেশ ফ’গট।তেওঁৰ দৃষ্টি কেৱল এটাই ২০২৮ চনৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/images-9-2025-12-12-17-50-33.jpeg)
বিনেশ ফ’গাটে লিখিছে যে, জুই কেতিয়াও নুমাই নাযায়। ক্লান্তি আৰু কোলাহলৰ তলতহে পুতি থোৱা আছিল। এইবাৰ, মই অকলে অহা নাই, মোৰ ল’ৰাটোৱে মোৰ দলত যোগদান কৰিছে, যি মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা। এনেদৰেই সামাজিক মাধ্যমত বহুখিনি কথা লিখি শ্বেয়াৰ কৰিছে পোষ্টতো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/3e29d0f0-efc9-46d9-9ade-261fca1c9408-2025-12-12-17-51-17.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us