/asomiyapratidin/media/media_files/2025/09/10/lumding-10-2025-09-10-13-39-55.jpg)
ডিজিটেল সংবাদ লামডিং: ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া হোজাইৰ বিধায়ক শিবু মিশ্ৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰি ৰাজপথলৈ ওলাই আহিছে একাংশ জনতা।
দক্ষিণ লামডিং গাওঁ পঞ্চায়তৰ একাংশ মহিলাই বিভিন্ন অভিযোগেৰে শিবু মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। অভিযোগ অনুসৰি দক্ষিণ লামডিং পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ বাসিন্দাসকলে বিশুদ্ধ খোৱা পানী, পথ, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাকে ধৰি বহু চৰকাৰী আঁচনি লাভ কৰা নাই।
কেৱল সেয়াই নহয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি তেওঁ পালন কৰা নাই বুলিও অভিযোগ কৰিছে। সেয়ে ক্ষোভিত একাংশ মহিলাই শিবু মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাই নহয়, তেওঁলোকৰ সমস্যাৰ সমাধান নকৰিলে ২০২৬ ৰ অসম বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰাৰো হুংকাৰ দিয়ে। তেওঁলোকে কয়, ‘’ন’ ৰোড, ন’ ভোট’ নো ৰোড নো ভোট’’। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিলে খেদাই পঠিওৱা হ’ব।