/asomiyapratidin/media/media_files/2026/03/09/new-ap-web-narayan-2026-03-09-18-27-43.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : ওদালগুৰি জিলাৰ ওৰাং মৌজাৰ বাঘৰ চোঙৰ ওৰাঙত আসাম ফ'কাচ নামৰ নিউজ পৰ্টেলটোৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান অহা ১৪ আৰু ১৫ মার্চত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ওৰাঙস্থিত ভিচিডিচি প্রেক্ষাগৃহত ব্যাপক আয়োজন কৰা হৈছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি আসাম ফ’কাচে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বহুকেইজন সাংবাদিক , সামাজিক আৰু বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনোৱাৰ বাবে প্ৰস্তুতি চলাইছে ৷
আসাম ফকাচে ৰাজ্যখনৰ কেইবাজনো সাংবাদিকক বঁটা আৰু সম্বৰ্ধনা জনাবলগীয়া সকলৰ ভিতৰত হৈছে ’দৈনন্দিন বাৰ্তা' কাকতত কৰ্মৰত তথা ২০২৩ চনত 'সংবাদ সৌৰভ বঁটা' আৰু ২০২৫ চনত 'অসম গ্ৰাম্য শিৰোৰত্ন বঁটা' প্ৰাপক নাৰায়ণ বৰুৱালৈ নিউজ পৰ্টেল আসাম ফ’কাচে প্ৰদান কৰিব ২০২৬ চনৰ 'গ্ৰাম্য সাংবাদিক বঁটা' । এই বঁটা প্ৰদান কৰিব অহা ১৫ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ’ আসাম ফ’কাচ'ৰ দশম বৰ্ষপূতি অনুষ্ঠানৰ সাংবাদিক কৰ্মশালা আৰু মুকলি বঁটা বিতৰণী সভাত ৷
আসাম ফ’কাচৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন সমিতিৰ সভাপতি শিবৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাখন উদ্ধোধন কৰিব মংগলদৈৰ জ্যেষ্ঠ সাংবাদিক গৌতমানন্দ গোস্বামীয়ে । সাংবাদিক কৰ্মশালাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঞি আৰু আমাৰ অসমৰ বাৰ্তা সম্পাদক মন্টু শইকীয়াই ।
কৰ্মশালাত অংশগ্রহণ কৰিব দৈনিক অসমৰ উপ সম্পাদক দীপক কুৰ্মী, তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক অঞ্জন গোস্বামী, ওদালগুৰিৰ জ্যেষ্ঠ সাংবাদিক গৌতমজ্যোতি তালুকদাৰ, গৌৰী শংকৰ দাস আৰু গুণজিৎ দাসে । মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব পৰিবহন মন্ত্ৰী চৰণ বড়ো, বিশিষ্ট অতিথি হিচাপে বিটিচিৰ উপমুখ্য কার্যবাহী সদস্য ৰিহন দৈমাৰীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us