/asomiyapratidin/media/media_files/2025/10/29/ujjjjj-2025-10-29-22-13-02.jpg)
ডিজিটেল ডেস্কঃ বিগত কেইবাটাও দিন সন্ধানহীন হৈ থকা বীৰ লাচিত সেনাৰ বহিস্কৃত নেতা বিকাশ অসমে অজ্ঞাত স্থানৰ পৰা ৭পৃষ্ঠাজোৰা এখন পত্ৰ লিখি আপলোড কৰিছে সামাজিক মাধ্যমত। চিঠিখনত বিকাশ অসমে সময় আহিলে নিজেই ধৰা দিয়াৰ কথা উল্লেখ কৰিছে। অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম পুলিচে মিছা কষ্ট কৰিব নালাগে বুলি লিখা এই দীঘলীয়া চিঠিত বিনা দোষত চৰকাৰৰ ৰোষত পৰা বুলি উল্লেখ কৰিছে।
বিকাশ অসমতে লগতে প্ৰত্যাহ্বান জনাইছে যে, তেওঁ ধনদাবী কৰি কাকোৱেই পত্ৰ দিয়া নাই। স্বৰ্গৰথৰ বাবেহে শুভাকাংক্ষীলৈ প্ৰেৰণ কৰা কেইখনমান পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে বুলি উল্লেখ কৰিছে চিঠিখনত। সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকাৰ দৰে কাকোৱেই ১০-২০লাখ টকা দাবী কৰা নাই বুলি প্ৰত্যাহ্বান জনাইছে বিকাশ অসমে।
জুবিন গাৰ্গক ন্যায়ৰ দাবী কৰি অহাৰ বাবেই বিজেপিৰ একাংশ নেতা-পালিনেতাৰ লগতে চৰকাৰৰ ৰোষত পৰা বুলি উল্লেখ কৰিছে চিঠিখনত। লগতে তেওঁ লিখিছে- চৰকাৰৰ বিৰোধিতা কৰাৰ ভাৱ মোৰ মনত কেতিয়াও নাছিল। কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সামাজিক মাধ্যমত কিবা লিখিলে নাইবা টিভিত কিবা ক'লে একাংশ বিজেপিৰ নেতা-পালিনেতাই কটাক্ষ কৰিবলৈ আৰম্ভ কৰে। আমাৰ ন্যায় বিচাৰিব পৰা অধিকাৰ কোন দিনা হেৰাল?
বিকাশ অসমৰ ৭পৃষ্ঠা জোৰা চিঠিখনত এইখনঃ-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/f034ea3e-3a13-4ea3-a2b3-31a409d019d1-2025-10-29-22-41-24.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/c224b1b1-8a77-4180-a0d4-0b31b56e8ccb-2025-10-29-22-41-36.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/3793bdb2-e1b6-45c9-865d-2f42cd5f5725-2025-10-29-22-42-06.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/113b5eda-e7f3-4140-8cc5-e71c4be9f192-2025-10-29-22-42-44.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/6ae10b8a-fa9d-4101-b31d-8d5bf5f59088-2025-10-29-22-43-00.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/19291ea1-60e4-425e-82bc-67194cbca382-2025-10-29-22-43-12.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/29/fd475e81-55e9-4882-b079-4ed70e152ca1-2025-10-29-22-43-22.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us