কিমান কোটি টকা খৰচ হ'ল বিজয়-ৰশ্মিকাৰ বিবাহত

উদয়পুৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি বিলাসী হোটেল 'আই টি চি মেমেণ্ট’ছ'ত অনুষ্ঠিত হৈছিল বিজয়-ৰশ্মিকাৰ বিবাহ।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ ২০২৬ চনৰ ২৬ফেব্ৰুৱাৰী। উদয়পুৰৰ আৰাৱল্লী পৰ্বতমালাৰে আগুৰি থকা বিলাসী ৰিজ’ৰ্ট 'আই টি চি মেমেণ্ট’ছ'ত অনুষ্ঠিত হৈছিল সেই বিশেষ বিবাহখন। সেই দিনটোতে যুগ্মজীৱনৰ পাতনি মেলিলে বিজয় আৰু ৰশ্মিকাই। পিছে বিজয় আৰু ৰশ্মিকাৰ বিবাহ চিনেমাৰ কাহিনীতকৈ ক’ম নহয়। অনুৰাগীৰ মাজত এটাই প্ৰশ্ন কিমান খৰচ হৈছিল দুয়োৰে বিবাহত। 

Rashmika Mandanna-Vijay Deverakonda's ...

উল্লেখ্য যে - দাক্ষিণাত্যৰ পৰম্পৰাগতা ৰীতি-নীতিৰে অনুষ্ঠিত হৈছিল দুয়োৰে বিবাহ। খাদ্যৰ পৰা  আৰম্ভ কৰি সাজ-পোছাকলৈকে দুয়োটা পৰিয়ালে নিজৰ পৰম্পৰাগ পাহৰি যোৱা নাছিল। উদয়পুৰ চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত এখন অতি বিলাসী হোটেল 'আই টি চি মেমেণ্ট’ছ'ত অনুষ্ঠিত হৈছিল বিজয়-ৰশ্মিকাৰ বিবাহ। আৰাৱলী পৰ্বতমালাৰ কোলাত অৱস্থিত এই ঠাই অতি শান্ত আৰু সম্পূৰ্ণ ব্যক্তিগত ৷ সমগ্ৰ পাহাৰজুৰি বিস্তৃত হৈ থকা এই বিশাল ৰিজৰ্টত আছে ১১৭ টা ভিলা। ইয়াৰ উপৰিও চৌহদৰ ভিতৰতে এখন নদী, এটা হ্ৰদ আৰু আনকি এখন নিজস্ব হেলিপেডো (helipad) আছে ৷

এই বিলাসী ৰিজ’ৰ্টৰ একোটা কোঠাত এনিশা কটোৱাৰ বাবদ‌ খৰচ ২০ৰ পৰা ৫০ হাজাৰ টকা। আৰু কিছুমান বিশেষ ভিলা আছে, যিবিলাকৰ প্ৰতি নিশাৰ বাবে খৰচ হয় ৭০ হাজাৰ টকা। বিয়াৰ বাবে বিজয় আৰু ৰশ্মিকাই বৃহৎ সংখ্যক ধন খৰচ কৰে। বিয়াৰ আগত আৰু পাছত বিভিন্ন অনুষ্ঠান, অভ্যৰ্থনা, সজ্জাকে ধৰি বিজয়-ৰশ্মিকাৰ বিয়াৰ খৰচ ইতিমধ্যে ৫০ কোটি টকা অতিক্ৰম কৰে।

বিজয় দেৱৰাকোণ্ডা-ৰশ্মিকা মান্দানা