বিবাহৰ পাছতে ৰশ্মিকাই ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিলে বিশেষ পোষ্ট

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিবাহ পাশত আৱদ্ধ হ'ল চাউথ ইণ্ডাষ্ট্ৰীৰ হিট দম্পতী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হৈ যায় তেওঁলোকৰ বিবাহ ৷

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ  সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিবাহ পাশত আৱদ্ধ হ'ল চাউথ ইণ্ডাষ্ট্ৰীৰ হিট দম্পতী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হৈ যায় তেওঁলোকৰ বিবাহ ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বিয়লি ভাগলৈ  কোডাভা পৰম্পৰাৰে বিবাহ বহে দুয়ো ৷

WhatsApp Image 2026-02-27 at 3.10.50 PM (1)

বিবাহৰ পাছতে ৰশ্মিকা মান্দানাই ইনষ্টাগ্ৰামত কৰিছে পোষ্ট। পোষ্টোত ৰশ্মিকাই লিখিছে যে- আপোনালোকক সকলোকে চিনাকি কৰাই দিওঁ এয়া হৈছে মোৰ স্বামী বিজয় দেৱৰাকোণ্ডা। প্ৰকৃত প্ৰেমৰ অনুভৱ কেনেকুৱা হয় সেয়া মোক বিজয়ে শিকাইছিল। মোক প্ৰতিদিনে কৈছিল যে ডাঙৰ সপোন দেখাটো দৰকাৰ। সুখ দুখ প্ৰতিটো সময়তে মই বিজয়ৰ সৈতে থাকিম। এনেদৰেই ৰশ্মিকাই অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই বিয়াৰ প্ৰথম ফটো শ্বেয়াৰ কৰে। 

WhatsApp Image 2026-02-27 at 3.09.55 PM (1)

বিজয় দেৱৰাকোণ্ডা-ৰশ্মিকা মান্দানা