অৱশেষত দেখিলে জয়ৰ মুখ : হায়দৰাবাদৰ বিৰুদ্ধে ৪ উইকেটত জয়ী অসম

এখন নহয়, একেৰাহে দুখন মেচত পৰাজয়বৰণ কৰা অসমে অৱশেষত জয়ৰ মুখ দেখিছে। চলিত বিজয় হাজাৰে ট্ৰফীত হায়দৰাবাদৰ বিৰুদ্ধে দলটোৱে ৪উইকেটৰ ব্যৱধানত জয়ী হৈ মুখলজ্জা দূৰ কৰাই নহয়, সমালোচককো দিয়ে যোগ্য প্ৰত্যুত্তৰ। 

author-image
Asomiya Pratidin
New Update
553

ডিজিটেল ডেস্ক : এখন নহয়, একেৰাহে দুখন মেচত পৰাজয়বৰণ কৰা অসমে অৱশেষত জয়ৰ মুখ দেখিছে। চলিত বিজয় হাজাৰে ট্ৰফীত হায়দৰাবাদৰ বিৰুদ্ধে দলটোৱে ৪উইকেটৰ ব্যৱধানত জয়ী হৈ মুখলজ্জা দূৰ কৰাই নহয়, সমালোচককো দিয়ে যোগ্য প্ৰত্যুত্তৰ। 

WhatsApp Image 2025-12-30 at 1.46.22 PM

নিজৰ শক্তি আৰু সামৰ্থৰ উমান দি শেহতীয়া মেচখনত উজলি উঠিছে দলৰ নিৰ্ভৰযোগ্য বেটাৰ শিৱশংকৰ ৰয়, সৌৰভ দিহিঙীয়া আৰু ডেনিছ দাস। তিনিওগৰাকী বেটাৰে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি হায়দৰাবাদৰ বিপক্ষে জয়ী হোৱাত মুখ্য ভূমিকা পালন কৰে। শিৱশংকৰে কৰে ১১২ ৰান, সৌৰভ দিহিঙীয়াই কৰে ৯১ আৰু ডেনিছ দাসে ৫৪ ৰানৰ বৰঙণি যোগায়।

WhatsApp Image 2025-12-30 at 1.46.27 PM

উল্লেখযোগ্য যে, হায়দৰাবাদে বান্ধি দিয়া ৩১১ ৰানৰ বিজয় লক্ষ্য আগত লৈ অসমে ৩১৪ ৰান সংগ্ৰহ কৰি বিজয় সাৱ্যস্ত কৰে। চলিত প্ৰতিযোগিতাত এয়া অসমৰ প্ৰথম জয়। ৩খন মেচৰ দুখনত পৰাস্ত হোৱা অসম সম্প্ৰতি বি গ্ৰুপৰ তালিকাৰ ষষ্ঠ স্থানত আছে।

WhatsApp Image 2025-12-30 at 1.46.32 PM

ক্ৰিকেট অসম ক্ৰিকেট সন্থা