কোন হ'ব ইণ্ডিয়া মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী...

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে উপ- ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে আজি কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোটঁ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আজি দিনৰ ১২.৩০বজাত

author-image
Asomiya Pratidin
New Update
KAK SS

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে উপ- ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে আজি কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোটঁ উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। আজি দিনৰ ১২.৩০বজাত কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী দলৰ এক বৈঠকৰ আহ্বান কৰা হৈছে। আশা কৰা হৈছে যে, এই বৈঠকৰ পাছতে ইণ্ডিয়াই আনুষ্ঠানিকভাৱে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। 

Advertisment

উল্লেখ্য যে, বিৰোধীৰ উপ ৰাষ্ট্ৰপতি পদৰ বাবে কেইবাগৰাকীও নেতাৰ নাম চৰ্চাত আছে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন বিজ্ঞানী মৈলস্বামী অন্নাদুৰই। তেওঁ ডি এম কেৰ এগৰাকী সাংসদ। ইয়াৰ উপৰিও তুষাৰ গান্ধীৰ নামো চৰ্চাত আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এই দুইগৰাকী নেতাৰ ভিতৰৰ পৰাই এগৰাকী নেতাক উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব পাৰে ইণ্ডিয়া মিত্ৰজোঁটে।

আনফালে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ১৭ আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। দুবাৰকৈ কইম্বটুৰৰ পৰা সাংসদ হোৱা ৰাধাকৃষ্ণন ১৯৭০ চনত আৰ এছ এছত যোগদান কৰা বিজেপিৰ জ্যেষ্ঠ নেতা আৰু ১৯৭৪ চনত ভাৰতীয় জনসংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে কৰ্মৰত আছিল ৰামকৃষ্ণণ।

চি পি ৰামকৃষ্ণণৰ  সম্পূৰ্ণ নাম চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণণ। তেওঁ দুবাৰকৈ সাংসদ (১৯৯৮, ১৯৯৯) হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ১৯৫৭ চনৰ ২০ অক্টোবৰত তামিলনাডুৰ তিৰুপপুৰত জন্মগ্ৰহণ কৰিছে ৰাধাকৃষ্ণণে  তেওঁ ২০২৪ চনৰ ৩১ জুলাইৰ পৰা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ ৩০ জুলাইলৈ তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপালৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

চি পি ৰাধাকৃষ্ণনে ১৯৭৩ চনত ১৬ বছৰ বয়সত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল। তাৰ পাছত তেওঁ ১৯৭৪ চনত ভাৰতীয় জনসংঘৰ তামিলনাডু ৰাজ্যিক কাৰ্যবাহীৰ সদস্য হয়। ১৯৯৬ চনত তেওঁ তামিলনাডু বিজেপিৰ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে। আৰ এছ এছৰ পৰা আৰম্ভ হোৱা এই ৰাজনীতিক যাত্ৰা এতিয়া উপ-ৰাষ্ট্ৰপতিৰ পদলৈ গতি কৰিছে। দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহাৰ পাছত এতিয়া ৰাধাকৃষ্ণণ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।

সাংসদৰ উপৰি ৰাধাকৃষ্ণণে ৰাজ্যিক বিজেপিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। ২০০৩ চনৰ পৰা ২০০৬ চনলৈ তেওঁ তামিলনাডু বিজেপিৰ অধ্যক্ষ আছিল। কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ ভিত্তিত সংঘ আৰু বিজেপিত নিজৰ স্থান দখল কৰা এজন বিশিষ্ট ৰাজনীতিবিদ চি পি ৰাধাকৃষ্ণণ।

তামিলনাডুত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান বহুত। সংসদৰ সদস্য হিচাপে তেওঁ সংসদীয় স্থায়ী সমিতিৰ সূত্ৰধৰ (টেক্সটাইলৰ ক্ষেত্ৰত) আছিল। লগতে তেওঁ সংসদীয় সমিতি (চৰকাৰী উদ্যোগ), অর্থ মন্ত্রালয়ৰ পৰামৰ্শমূলক সমিতি আৰু ষ্টক এক্সচেঞ্জ কেলেংকাৰীৰ বিশেষ তদন্ত সমিতিৰো সদস্য আছিল।

২০০৪ চনত ৰাধাকৃষ্ণনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল। চি পি ৰাধাকৃষ্ণন টাইৱানলৈ প্ৰথম সংসদীয় প্রতিনিধি দলেৰো সদস্য আছিল। এজন ক্ৰীড়াপ্ৰেমী ৰূপে, ৰাধাকৃষ্ণনে কলেজত টেবুল টেনিছত চেম্পিয়ন আছিল আৰু দৌৰতো অংশগ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণনে আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, ইটালি, স্পেইন, পৰ্তুগাল, নৰৱে’, ডেনমাৰ্ক, ছুইডেন, ফিনলেণ্ড, বেলজিয়াম, হ’লেণ্ড, টাৰ্কি, চীন, মালয়েচিয়া, ছিংগাপুৰ, টাইৱান, থাইলেণ্ড, ইজিপ্ত, ইউ.এ.ই., বাংলাদেশ, ইণ্ডোনেচিয়া আৰু জাপান ভ্ৰমণ কৰিছে।

ৰাহুল গান্ধী