বৰ্ষীয়ান সাহিত্যিক উপেন্দ্ৰ বৰকটকীক অসম যুৱ পৰিষদৰ সম্বৰ্ধনা

অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ নেতা-কৰ্মীয়ে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান সাহিত্যিক -শিক্ষাবিদ উপেন্দ্র বৰকটকীক বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
vvvvvv

ডিজিটেল সংবাদ,নগাঁও: অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ একাংশ নেতা-কৰ্মীয়ে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বৰ্ষীয়ান সাহিত্যিক -শিক্ষাবিদ উপেন্দ্র বৰকটকীক বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, বিগত ৰঙালী বিহুত অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে সাহিত্যিক বৰকটকীয়ে অংশগ্রহণ কৰিব পৰা নাছিল। 

Advertisment

অগপ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ নেতৃত্বত অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ এটি সজাতি দলে শনিবাৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ নগাঁও চহৰৰ ৰত্নপুৰস্থিত বাসগৃহত উপস্থিত হৈ চেলেং গামোছা, জাপি, স্মাৰক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

 প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই বৰেণ্য সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে অসমৰ সাহিত্য ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি সাহিত্যিক গৰাকীক নগঞা সমাজ জীৱনৰ এগৰাকী অভিভাৱক বুলি কয়। লগতে বৰ্ষীয়ান সাহিত্যিক বৰকটকীৰ সুস্বাস্থ্য আৰু দীর্ঘ জীৱন কামনা কৰে।

আনহাতে সম্বৰ্ধনাৰ বাবে সাহিত্যিকগৰাকীয়ে অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সমন্বয়, ভাতৃত্ববোধক সুদৃঢ় কৰি এখন সমৃদ্ধিশালী অসম গঢ়াত আত্মনিয়োগ কৰিবলৈ পৰিষদৰ নেতা-কৰ্মী সকলক আহ্বান জনায়। অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ দলটোত পৰিষদৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি দিপুজ্জ্বল ৰাজখোৱাৰ লগতে কেইবাগৰাকী নেতা-সদস্যই বৰকটকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

অসম যুৱ পৰিষদ