ডিজিটেল ডেস্কঃ দেশৰ জ্যেষ্ঠ পাৰমাণৱিক বিজ্ঞানী ৰাজগোপাল চিদাম্বৰমৰ দেহাৱসান। পাৰমাণৱিক শক্তি বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, চিদাম্বৰমে শনিবাৰে ৮৮ বছৰ বয়সত মুম্বাইৰ জছলক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
১৯৭৫ আৰু ১৯৯৮ চনৰ পাৰমাণৱিক পৰীক্ষাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল চিদাম্বৰমে। ১৯৭৫ আৰু ১৯৯৯ চনত পদ্মশ্ৰী আৰু পদ্ম বিভূষণ বঁটাৰে সন্মানিত হৈছিল বিজ্ঞানী ৰাজগোপাল চিদাম্বৰম।
উল্লেখ্য যে, ১৯৩৬ চনত জন্মগ্ৰহণ কৰা চিদাম্বৰম চেন্নাইৰ প্ৰেচিডেন্সি কলেজ আৰু বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ প্ৰাক্তন ছাত্ৰ। তেওঁ ক্ৰমে ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা (২০০১–২০১৮), ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক (১৯৯০–১৯৯৩), পাৰমাণৱিক শক্তি আয়োগৰ অধ্যক্ষ আৰু ভাৰত চৰকাৰৰ ডি এ ইৰ সম্পাদক ( ১৯৯৩–২০০০) আছিল। ১৯৯৪ চনৰ পৰা ১৯৯৫ চনলৈ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা (আই এ ই এ)ৰ ‘ব’ৰ্ড অৱ গভৰ্ণৰ’ৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ডি এ ইৰ সম্পাদক অজিত কুমাৰ মহন্তই চিদাম্বৰমৰ মৃত্যুক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি তেওঁ কয় যে, ড° চিদাম্বৰম বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা আছিল, যাৰ অৱদানে ভাৰতৰ পাৰমাণৱিক ক্ষমতা আৰু কৌশলগত স্বাৱলম্বীতা বৃদ্ধি কৰিছিল। তেওঁৰ অৱসান বৈজ্ঞানিক সমাজ আৰু জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি।