ট্ৰাম্পৰ চক্ৰান্ত! অহা ২মাহলৈকে আমেৰিকাৰ আন্ধাৰ কুঠৰীৰ পৰা ওলাব নোৱাৰে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি...

মাজ নিশা অনাধিকাৰ প্ৰৱেশ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী কৰি লৈ আহিছিল আমেৰিকাই। ইয়াৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও কোনেও আমেৰিকাৰ বিৰুদ্ধে কঠোৰ আৰকু দৃঢ় প্ৰদক্ষেপ ল'বলৈ সাহস কৰা

author-image
Asomiya Pratidin
New Update
mmmdd

ডিজিটেল ডেস্কঃ মাজ নিশা অনাধিকাৰ প্ৰৱেশ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী কৰি লৈ আহিছিল আমেৰিকাই। ইয়াৰ পাছতে সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও কোনেও আমেৰিকাৰ বিৰুদ্ধে কঠোৰ আৰকু দৃঢ় প্ৰদক্ষেপ ল'বলৈ সাহস কৰা নাই। আমেৰিকাই বন্দী কৰি ৰখা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কেনেদৰে দিন কটাইছে আমেৰিকাত। এই প্ৰশ্ন স্বাভাৱিকতে সকলোৰে মনত উদয় হৈছে।

এনে সময়ৰ মাজতে আমেৰিকাৰ সংবাদমাধ্যমে কিছু ভিজুৱেল ৰাজহুৱা কৰিছে। এই ভিজুৱেলত দেখা গৈছে যে, ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক হেলিকপ্টাৰৰে লৈ যোৱা হৈছে আদালতলৈ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক হাজিৰ কৰোৱা হয় আদালতত। 

08cd58b2-f85b-43e9-95cb-bc31980d944d

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,  আমেৰিকাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে অবৈধ অস্ত্ৰ সৰবৰাহ আৰু ড্ৰাগছৰ বেপাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এই অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত চলাইছে বিচাৰ প্ৰক্ৰিয়া। নিউৰ্য়কৰ ফেডাৰেল কৰ্টত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীক হাজিৰ কৰোৱাৰ পিছতে এই অভিযোগ নস্যাত কৰি এক প্ৰকাৰৰ প্ৰতিবাদ কৰে তেওঁ।

8f110ae4-1729-4071-adf3-c83ba0fc2491

আদালতৰ মজিয়াত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰে কোনো অস্ত্ৰ আৰু অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত নহয় বুলি কয়। আৰু মিছা অভিযোগত তেওঁক বন্দী কৰাৰ কথাও উল্লেখ কৰে। ফেডাৰেল কৰ্টত মাডুৰেৰ অধিবক্তাই আমেৰিকান সেনাই ৰাষ্ট্ৰপতিগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে। 

আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি তেওঁক বন্দী কৰা বুলিও আদালতত যুক্তি দৰ্শাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ অধিবক্তাই। এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব অহা ১৭মাৰ্চত। তেতিয়ালৈকে আমেৰিকাৰ আন্ধাৰ কুঠৰীতে দিন কটাব লাগিব ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰেই। 

আমেৰিকা ড’নাল্ড ট্ৰাম্প ভেনিজুৱেলা