/asomiyapratidin/media/media_files/2026/01/05/ujjjdd-2026-01-05-13-29-26.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ আমেৰিকাই সামৰিক ব্যৱস্থা গ্ৰহণ কৰি ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ লগতে পত্নীক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰাখিছে। ৰাছিয়া, চীন আৰু ইৰাণে আমেৰিকাৰ সামৰিক পদক্ষেপক তীব্ৰ গৰিহণা দিয়াৰ বিপৰীতে এই দেশসমূহৰ কোনো এখন দেশেই এতিয়াও আমেৰিকাৰ বিৰুদ্ধে কোনো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
বহুতে আশা কৰিছিল যে ৰাছিয়া আৰু চীনে এই কাৰ্যৰ বিৰুদ্ধে অধিক সবল সঁহাৰি দিব। আমেৰিকাৰ পৰা ভেনিজুৱেলাক উদ্ধাৰ কৰিবলৈ ৰাছিয়া আৰু চীনে চেষ্টা চলাব। কিয়নো এই দুয়োখন দেশ আছিল ভেনিজুৱেলাৰ আন্তৰিক বন্ধুৰ তালিকাৰ থকা অন্যতম বন্ধু ৰাষ্ট্ৰ।
যদিও ২০২৫ চনৰ মে’ মাহত ৰাছিয়া আৰু ভেনিজুৱেলাই ১০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰিছিল, এই চুক্তিখনে অৰ্থনৈতিক সহযোগিতা, প্ৰযুক্তি বিনিময়, অস্ত্ৰ বিক্ৰী, আৰু সামৰিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
ভেনিজুৱেলাৰ সৈতে চীনৰ সম্পৰ্ক বহুলাংশে আৰ্থিক। বিগত কেইবছৰমানৰ পৰা বেইজিঙে কাৰাকাছক কোটি কোটি ডলাৰ ঋণ দিছে আৰু এতিয়া নতুন ভূ-ৰাজনৈতিক বিপদ গ্ৰহণ নকৰি বৰ্তমানৰ ঋণ আদায় কৰাত মনোনিৱেশ কৰিছে। মাডুৰোক সামৰিকভাৱে ৰক্ষা কৰিলে অৰ্থনৈতিক লাভ কম হ’ব, একে সময়তে আমেৰিকা-চীনৰ বাণিজ্যিক সম্পৰ্কৰ গুৰুতৰ ক্ষতিৰ আশংকা হ’ব।
বিশেষকৈ ড’নাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বৰ সময়ত আৰোপ কৰা শুল্কৰ পিছত আমেৰিকা-চীনৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ যদিও শেহতীয়াকৈ দুয়োপক্ষই সুস্থিৰতাৰ লক্ষণ দেখা গৈছে। ২০২৫ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ট্ৰাম্প-ছি জিনপিঙৰ বৈঠকক দুয়োখন চৰকাৰে ইতিবাচক বুলি প্ৰশংসা কৰিছিল আৰু আনকি কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ আলোচনাও আৰম্ভ কৰিছিল।
ভেনিজুৱেলাৰ ৰাছিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ চুক্তি আছে। এই সন্ধিৰ উদ্দেশ্য আছিল শক্তি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰা। কিন্তু ইয়াত সামূহিক প্ৰতিৰক্ষাৰ স্পষ্ট ব্যৱস্থা কৰা হোৱা নাই।
তদুপৰি কিউবা ঐতিহাসিকভাৱে ভেনিজুৱেলাৰ আটাইতকৈ ঘনিষ্ঠ সামৰিক আৰু নিৰাপত্তা মিত্ৰ দেশ হিচাপে পৰিগণিত হৈছে। কিউবাই ভেনিজুৱেলাৰ প্ৰতি সম্পূৰ্ণ আৰু অদম্য সমৰ্থন জনাইছে। নিকাৰাগুয়াইও আমেৰিকাৰ সামৰিক কাৰ্যকলাপৰ তীব্ৰ বিৰোধিতা কৰিছে।
ইফালে ইৰাণৰ ভেনিজুৱেলাৰ সৈতে প্ৰতিৰক্ষা আৰু কাৰিকৰী ক্ষেত্ৰৰ ঘনিষ্ঠ সম্পৰ্ক আছে। ইৰাণে ভেনিজুৱেলাক সামৰিক ড্ৰ’ন আৰু অন্যান্য প্ৰতিৰক্ষা সঁজুলি যোগান ধৰিছে। চীন ভেনিজুৱেলাৰ এক প্ৰধান অৰ্থনৈতিক আৰু প্ৰতিৰক্ষা অংশীদাৰ। চীনে ভেনিজুৱেলাক ৰাডাৰ ব্যৱস্থা আৰু অন্যান্য সঁজুলি যোগান ধৰিছে যদিও ইয়াৰ নীতি বহুলাংশে হস্তক্ষেপ নকৰাৰ বাবেই কোনো আনুষ্ঠানিক সামৰিক মিত্ৰতাত প্ৰৱেশ কৰা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us