/asomiyapratidin/media/media_files/2025/11/27/whatsapp-i-2025-11-27-20-46-29.jpeg)
ডিজিটেল সংবাদ, ধিং : ধিঙত বৃহস্পতিবাৰে বীৰ লাচিত সেনাই এক জোৰ সমদল বাহিৰ কৰে। অবৈধ দখল আৰু মিঞা বিৰোধী অভিযানত এই জোৰ সমদল উলিয়াই বীৰ লাচিত সেনাই।
উল্লেখযোগ্য যে, খিলঞ্জীয়া ৰাইজৰ ভূমি সুৰক্ষা আৰু নিৰাপত্তাৰ দাবীৰে সংগঠনটোৱে এই সমদল বাহিৰ কৰে। বৃহত্তৰ অসমীয়া জাতিৰ বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত এতিয়া অবৈধ বাংলাদেশী মিঞাৰ অবাধ বেদখলে খিলঞ্জীয়া মানুহক শংকিত কৰি তুলিছে। আঠগাঁও চাপৰিৰ চাৰিহাজাৰ বিঘাৰো অধিক ভূমিৰ লগতে ধিঙৰ বিভিন্ন গাঁৱৰ ভূমিও মিঞা বেদখলকাৰীয়ে বেদখল কৰি ৰাখিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-i-2025-11-27-20-46-44.jpeg)
তাৰোপৰি ঘৰৰ জীয়ৰী-বোৱাৰীকে ধৰি সকলো মহিলাই এতিয়া শংকাত ভুগিব লগা হৈছে। মুঠতে ধিঙৰ খিলঞ্জীয়া ৰাইজ মাটি-ভেটি আৰু জীৱনৰ নিৰাপত্তাহীনতাত দিশহাৰা হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অতিশীঘ্ৰে ধিঙৰ খিলঞ্জীয়া মানুহৰ বেদখল হৈ থকা চাৰি হেজাৰ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰিবৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে তৎকালীনভাৱে ইয়াৰ উপযুক্ত ব্যৱস্থা গ্রহণ নকৰিলে বীৰ লাচিত সেনা, অসমে অনাগত দিনত তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
ইয়াৰোপৰি ধিঙৰ খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত ধিং চহৰত এটি চি.আৰ.পি.এফ. কেম্প স্থাপনৰো দাবী উত্থাপন কৰে। এই জোৰ সমদলৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মিঞাক লৈ কঠোৰ মন্তব্য কৰে।
তেওঁ কয় - "খিলঞ্জীয়া কেতিয়াও বাংলাদেশীৰ তলত নাথাকে। এই অগ্নিৰ শিখাত সকলো জ্বলি চাৰখাৰ হৈ যাব। এই দেশ আমাৰ দেশ। ১২ হাজাৰ বিঘা মাটি উচ্ছেদ কৰক। যিদিনা ধিঙত উচ্ছেদ চলিব সেইদিনা অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ বিজয়ী দিৱস হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsapp-2025-11-27-20-46-57.jpeg)
অসমৰ মানুহ হ'ব পাৰে দুখীয়া কিন্তু কোনো বাংলাদেশীৰ গোলাম নহয়, আঁঠুকাঢ়ি ভাত খোৱা আমাৰ নিয়ম নহয়।" লগতে নাবালিকা ধৰ্ষণত দোষী প্ৰমাণিত বাবুল আলীক চোঁচৰাই গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/whatsa-2025-11-27-20-47-08.jpeg)
বাবুল আলী কংগ্ৰেছৰ জিলা পৰিষদৰ সদস্য হোৱাৰ সত্ত্বেও এই সন্দৰ্ভত গৌৰৱ গগৈ কিয় নিমাত? সকলোৰে আগত এনেদৰে প্ৰশ্ন কৰি সাংসদ গৌৰৱ গগৈক উভতি ধৰে শৃংখল চলিহাই। "ধিঙৰ বিধায়ক আমিনুল ইছলামক দেখিলে গুৱাহাটীৰ চিটি বাছৰ পকেটমাৰৰ নিচিনা লাগে" বুলিও মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এজেন্টক হুংকাৰ শৃংখল চলিহাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us