ধন দাবী, অপহৰণৰ গোচৰত ৰন্টু-বিকাশক চি আই ডিৰ থানাত উপৰ্যুপৰি জেৰা...

যোৱা শুকুৰবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বীৰ লাচিত সেনাৰ ৰন্টু পানীফুকন আৰু বিকাশ অসমৰ লগতে ১০গৰাকী নেতা-কৰ্মীক চি আই ডিয়ে পুনৰ গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে শনিবাৰে ৰাতিপুৱাই সকলোকে লৈ

author-image
Asomiya Pratidin
New Update
yhhhd

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বীৰ লাচিত সেনাৰ ৰন্টু পানীফুকন আৰু বিকাশ অসমৰ লগতে ১০গৰাকী নেতা-কৰ্মীক চি আই ডিয়ে পুনৰ গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে শনিবাৰে ৰাতিপুৱাই সকলোকে লৈ যোৱা হয় চি আই ডিৰ থানালৈ।  বিকাশ অসম, ৰণ্টু পানীফুকনৰ লগতে  আন ৫জন নেতাকো নিয়া হৈছে CID আৰক্ষী থানালৈ। 

উল্লেখ কৰা প্ৰয়োজন যে,  মুঠ ১০গৰাকী অভিযুক্তক একেলগে জেৰা চলাব CID-এ।  ধনদাবী, অপহৰণৰ গোচৰত অভিযুক্ত আটাইকেইজন বীৰ লাচিত সেনাৰ নেতা-কৰ্মী। ইফালে চৰকাৰ আৰু প্ৰশাসন বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পাছতে সংগঠনটোৱে ঘোষণা কৰিছে যে,  তেওঁলোকে এতিয়াৰে পৰা কাৰোৰে পৰাই চান্দা সংগ্ৰহ নকৰে। সংগঠনটোৰ কাম-কাজৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চিন্তন বৈঠকৰো আয়োজন কৰিছে বীৰ লাচিত সেনাই।

বীৰ লাচিত সেনা