নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাই চলাইছে তাণ্ডৱঃ মুখ্যমন্ত্ৰী...

বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নামৰ পিছত অসম

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ বীৰ লাচিত সেনাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা কঠোৰ অভিযানক লৈ মঙলবাৰে পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, নামৰ পিছত অসম উপাধি লিখি বীৰ লাচিত সেনাৰ সদস্যই তাণ্ডৱ চলাই আহিছে।  শদিয়াৰ পৰা ধুবুৰীলৈকে চান্দা উঠাই এই সংগঠনটোৱে। সন্দেহজনক লোকে অসম উপাধি লিখি বিভিন্ন ধৰণৰ কাম-কাজ কৰিছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ আৰু কঠোৰ হ’ব। লাচিত সেনাৰ সকলো গোচৰ তদন্ত কৰিব অসম চৰকাৰে। সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

উল্লেখ কৰা প্ৰয়োজন যে,   এগৰাকী ব্যৱসায়ীক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ ৫গৰাকীকৈ সদস্য। ইয়াৰ পাছতে এই বিষয়টোক লৈ স্পষ্টীকৰণ দিয়াৰ বাবে ৰন্টু পানীফুকনে গুৱাহাটীৰ এখন হোটেলত আয়োজন কৰিছিল সংবাদমেলৰ। কিন্তু সংবাদমেলৰ মাজতেই আৰক্ষীয়ে উঠাই লৈ যায় নেতাজনক।

প্ৰাপ্ত তথ্য অনুসৰি, অপহৰণৰ সৈতে বীৰ লাচিত সেনা জড়িত থকাৰ বাবে সংগঠনটোৰ এগৰাকী মুৰব্বী হিচাপে গ্ৰেপ্তাৰ কৰা হৈছে ৰন্টু পানীফুকনক। ইফালে সংগঠনটোৰ মুখ্য সচিবক গ্ৰেপ্তাৰ কৰাৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰশাসনিক সচিব শৃংখল চলিহা।

এই গ্ৰেপ্তাৰ কোনো প্ৰকাৰেই মানি লোৱা নহ'ব বুলি কৈ ৰোগীয়া দেহাৰেই ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিলে শৃংখল চলিহাই। সমগ্ৰ অসমজুৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সকিয়নী প্ৰদান কৰে শৃংখল চলিহাই। 

ড০ হিমন্ত বিশ্ব শৰ্মা