গ্রাম্যঞ্চলৰ বিকাশৰ নতুন আৰু ঐতিহাসিক দুৱাৰ মুকলি কৰিব ভিবি জি-বাম-জিয়ে: দিলীপ শইকীয়া

বিকশিত ভাৰত আৰু ভগৱান ৰামৰ নামত কংগ্ৰেছ আৰু ইণ্ডি মিত্রজোটৰ ইমান ঘৃণা কিয়? কংগ্রেছে যিমানেই ষড়যন্ত্র নকৰক দেশে ২০৪৭ চনৰ ভিতৰত "বিকশিত ভাৰত" হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ   গ্রাম্যঞ্চলৰ প্ৰতিজন দুখীয়া ব্যক্তিয়ে বিকশিত ভাৰত ৰোজগাৰ আৰু আজীবিকা নিশ্চয়তা অভিযান গ্রামীনৰ (ভিবি জি-বাম-জি) অধীনত লাভ কৰিব ৰোজগাৰ। বিকশিত ভাৰত ২০৪৭ ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে সামজ্ঞস্য ৰাখি গ্রামীণ বিকাশৰ নতুন দিশ প্রস্তুত কৰা হৈছে ভিবি জি-বাম-জিত। এই আইনে মহাত্মা গান্ধীৰ ভাৱনাৰ সৈতে সংগতিপূর্ণ আৰু ৰামৰাজ্য স্থাপনৰ দিশে আগবঢ়োৱা হৈছে।

বিকশিত ভাৰত আৰু ভগৱান ৰামৰ নামত কংগ্ৰেছ আৰু ইণ্ডি মিত্রজোটৰ ইমান ঘৃণা কিয়? কংগ্রেছে যিমানেই ষড়যন্ত্র নকৰক দেশে ২০৪৭ চনৰ ভিতৰত "বিকশিত ভাৰত" হ'ব। অসম প্রদেশ মুখ্য কার্যৰ্যালয়ৰ পৰা সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

নাম পৰিৱৰ্তন কৰা সংক্ৰান্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি শইকীয়াই কয় যে, ১৯৮৯ চনত প্রধানমন্ত্রী ৰাজীৱ গান্ধী চৰকাৰৰ দিনত আৰম্ভ কৰিছিল জৱাহৰ ৰোজগাৰ আঁচনি। পিছত ১৯৯৯ চনত বাজপেয়ী চৰকাৰৰ দিনত উক্ত আঁচনিৰ নাম ৰখা হয় জৱাহৰ গ্রাম সমৃদ্ধি যোজনা। পুনব ২০০৫ চনত মনমোহন সিং চৰকাৰে উক্ত আঁচনিৰ নাম ৰাখে নেচনেল কৰেল এমপ্লইমেন্ট গেৰান্টি এক্ট (এনৰেগা)।

২০০৯ চনত মনমোহন সিং চৰকাৰে এনৰেগাৰ আগত মহাত্মা গান্ধী শব্দ দুটা সংলগ্ন কৰি নতুন নাম ৰাখে মহাত্মা গান্ধী নেচনেল কৰেল এমপ্লইমেন্ট গেৰান্টি স্কিম চমুকৈ এম জি এনৰেগা। কংগ্ৰেছ চৰকাৰে জৱাহৰ ৰোজগাৰ আঁচনিৰ নাম সলনি কৰাৰ সময়ত জৱাহৰলাল নেহৰুৰ প্রতি অপমান কৰা আছিল নেকি? সভাপতি শইকীয়াই কয় যে, ২০১১-১২ বৰ্ষত ভাৰতত দাৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা আছিল ২৫.৭ শতাংশ।

এই পৰিসংখ্যা ২০২৩-২৪ বর্ষত হ্রাস হৈ হয়গৈ ৪.৮৬ শতাংশ। নতুন ভিবি-জি-বাম-জিৰ মুখ্য উদ্দেশ্য হৈছে ২০৪৭ চনত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে গ্রাম্য ক্ষেত্ৰৰ বিকাশ সাধন কৰা। পূৰ্বৰ এমজিএনৰেগাৰ ১০০ দিনৰ নিশ্চিত নিয়োগ নতুন ভিবি-জি-ৰাম-জিত ১২৫ দিন কৰা হৈছে। ভাৰত এখন কৃষি প্রধান ৰাষ্ট্ৰ। শস্য চপোৱা আৰু শস্য সিচোঁৱাৰ সময়ত যাতে মানুহৰ বা শ্রমিকৰ অভাৱ নহয় তাৰ বাবে নতুন ভিবি জি-ৰাম-জিত ৬০ দিন কাম বন্ধ থাকিব।

নতুন ভিবি জি-ৰাম-জিত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাবে ধনৰ আৱন্টনৰ অনুপাত ৯০:১০ শতাংশ অর্থাৎ ৯০ শতাংশ ধন কেন্দ্রই আৰু ১০ শতাংশ ৰাজ্য চৰকাৰে আৱণ্টন দিয়াৰ নিয়মৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে সভাপতি দিলীপ শইকীয়াই।

উল্লেখ্য যে জম্মু-কাশ্মীৰ আৰু হিমালয়ৰ দেশৰ ৰাজ্য হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডয়ো ৯০:১০ অনুপাত সুবিধা লাভ কৰাৰ পৰিৱৰ্তে ভাৰতৰ বাকী সকলো ৰাজ্যৰ ক্ষেত্ৰত এই নিয়ম ৬০:৪০। ধনৰ আবণ্টনৰ উদ্ধৃতি দি সভাপতি শইকীয়াই কয় যে, এমজিএনৰেগাত অধিক ধনৰ আৱন্টন দিছে মোদী নেতৃত্বাধীন চৰকাৰে। এতিয়ালৈকে এমজিএনৰেগাত মুঠ ১১.৭৪ লাখ কোটি টকা ব্যয় হৈছে যাৰ ভিতৰত মোদী নেতৃত্বাধীন চৰকাবে ব্যয় কৰিছে ৮.৫৩ লাখ কোটি টকা।

সভাপতি শইকীয়াই অভিযোগ আনি কয় যে, কেগৰ প্রতিবেদনে উনুকিয়াই কংগ্ৰেছৰ দিনত এমজিএনৰেগাত কাম কৰা সৰ্বমুঠ লোকৰ ভিতৰত ৩৩ শতাংশ শ্রমিকৰ বয়স ৬০ বছৰৰ উৰ্দ্ধৰ আছিল, মেচিনেৰে কাম কৰি মানুহে কৰা বুলি দেখুৱাইছিল। নতুন ভিবি জি-বাম-জিত এনে ধৰণৰ মেৰপাক বা কু-অভিপ্রায় কৰিব নোৱাৰিব। ভিবি-জি-বাম-জিত আবন্টিত ধনৰ হিচাপ পৰীক্ষণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ সলনি হ'ব।

 কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক লৈ গঠন হ'ব তদন্ত কমিটি। মবাইল জি পি এছ প্রযুক্তিৰ লগতে ব্যৱহাৰ হ'ব কৃত্রিম বুদ্ধিমত্তাৰ প্রযুক্তি। সভাপতিয়ে কয় যে, কংগ্রেছৰ দিনত এমজিএনৰেগাৰ কাম আৰু ধনৰ অপব্যৱহাৰৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু নতুন সংশোধিত ভিবি জি-ৰাম-জিৰ জৰিয়তে নিয়োগ নিশ্চয়তা বৃদ্ধি, স্থানীয় পৰিকল্পনা সন্নিবিষ্ট কৰা, কৃষি উৎপাদনশীলতাৰ সৈতে শ্রমিকৰ সুৰক্ষাৰ ভাৰসাম্য ৰক্ষা কৰা, আঁচনিৰ অভিসৰণ, শাসন ব্যৱস্থাৰ আধুনিকীকৰণৰ জৰিয়তে বিকশিত ভাৰতৰ গ্ৰামা আন্তঃগাঁথনিৰ উন্নয়ন লগতে গ্রাম্য বাসিন্দাৰ জীৱন আৰু জীৱিকাৰ মান উন্নত কৰিব।

দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়া