/asomiyapratidin/media/media_files/2025/12/23/whatsapp-imag-2025-12-23-22-26-35.jpeg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ভালুকমাৰী গাঁৱৰ উদীয়মান লেখক বিকাশ হাজৰিকাই অসম চৰকাৰে ঘোষণা কৰা ২০২৫ গ্ৰন্থ বৰ্ষৰ যুৱ লেখকৰ সন্মানৰ বাবে মনোনীত হৈছে। উক্ত সন্মান অহা ২৪ ডিচেম্বৰত গুৱাহাটী পশু চিকিৎসালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী গ্ৰন্থমেলাৰ অনুষ্ঠানত প্ৰদান কৰা হ’ব।
বিকাশ হাজৰিকাই ইতিমধ্যে একুৰী পদ্য আৰু ৰঙা জুই হাঁহি নামৰ দুখনকৈ কবিতাপুথি ৰচনা কৰাৰ লগতে তেখেতৰ দুখন কবিতা পুথি হল" ৰঙা জুই হাঁহি" আৰু "একুৰি পদ্য"। ইয়াৰ উপৰি চাহেবৰ চাহ, "নষ্ট কইনাৰ দুষ্ট দৰা", সচা বাস্তৱৰ মিছা সপোন, তাই অসমৰ ছোৱালী, প্ৰিয় খাদ্য, কন্ঠ সম্ৰাট আদি কেইবাখনো নাটক, চাহেবৰ চাহ নামৰ এখন উপন্যাস লিখাৰ লগতে দৈনিক, সাপ্তাহিক বাতৰি কাকত নিতৌ লিখা-মেলা কৰি সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে।
তেখেতৰ এই সফলতাত সমগ্ৰ ভালুকমাৰী গাঁৱলৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। স্থানীয় সাহিত্য অনুৰাগী তথা শুভাকাঙ্ক্ষী সকলে তেখেতৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰাৰ লগতে শুভকামনা জনাইছে। হাজৰিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
জাজৰিৰ সমীপবৰ্তী ভালুকমাৰী গাঁৱৰ গুণ কান্ত হাজৰিকা, জিতুমণি হাজৰিকাৰ পুত্ৰ বিকাশ হাজৰিকাই হাৰবেল ছায়েঞ্চ এণ্ড টেকনলজী আৰু শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ বৰ্তমান এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us