ডিজিটেল ডেস্ক :সোণাপুৰৰ কমাৰকুছিত সুকলমে সম্পন্ন হল জুবিন গাৰ্গৰ শেষকৃত্য পৰ্ব। ইতিমধ্যে শিল্পীগৰাকীৰ চিতাভস্ম ৰাজ্য চৰকাৰে সংগ্ৰহ কৰাৰ লগতে জুবিন গাৰ্গৰ অস্থি পৰিয়ালক অৰ্পণ কৰিছে।
এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে জুবিন গাৰ্গৰ চিতাভস্ম বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে ল'ব বিচাৰিলে সেয়া ল'ব পাৰিব বুলি সদৰী কৰিছে। অনলাইন পৰ্টেলৰ দ্বাৰা জুবিন গাৰ্গৰ চিতাভস্ম সংগ্ৰহ কৰিব পাৰিব বুলি মন্ত্ৰী পেগুৱে জানিবলৈ দিছে।
এই সন্দৰ্ভত ডা০ ৰণোজ পেগুৱে কয়- আমাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সুকলমে সমাপন হৈছে। ইতিমধ্যে অস্থি পৰিয়ালক অৰ্পণ কৰা হৈছে।
চিতাভস্ম সংগ্ৰহ কৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক অৰ্পণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ইয়াক সুৰক্ষিত কৰি ৰাখিব আৰু অসমৰ কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে এই চিতাভস্ম বিচাৰিলে আবেদন কৰিব পৰাকৈ এটা সহজ অনলাইন প'ৰ্টেল শীঘ্ৰেই মুকলি কৰা হ'ব।
আবেদন অনুসৰি আবেদনকাৰীক চিতাভস্ম প্ৰদান কৰা হ'ব। ইয়াৰ লগতে শিল্পীগৰাকীৰ দ্বিতীয় সমাধিস্থলী নিৰ্মাণৰ বাবে চিতাভস্মৰ এটি অংশ যোৰহাটলৈ প্ৰেৰণ কৰা হ'ব।