আম্বানীৰ বনতাৰাত সুখত আছে ঐৰাৱত! উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল...

বনতাৰাত হাতী ৰখা প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিছিল বিশেষ তদন্তকাৰী গোট। এই তদন্তকাৰী গোটে শেহতীয়াকৈ নিজৰ প্ৰতিবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ক। এই প্ৰতিবেদনৰ ভিত্তিতে উচ্চতম

author-image
Asomiya Pratidin
New Update
VASS

ডিজিটেল ডেস্কঃ বনতাৰাত হাতী ৰখা প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিছিল বিশেষ তদন্তকাৰী গোট। এই তদন্তকাৰী গোটে শেহতীয়াকৈ নিজৰ প্ৰতিবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ক। এই প্ৰতিবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোক লৈ ক্লীন চিট প্ৰদান কৰিলে মুকেশ আম্বানীৰ মালিকানাধীন বনতাৰাক। 

উচ্চতম ন্যায়ালয়ে কয় যে, কোনোবাই যদি হাতী সম্পূৰ্ণ নীতি-নিয়ম আৰু সুবিধাজনক পৰিৱেশত ৰাখে, তেন্তে কাৰোৰে আপত্তি থাকিব নালাগে। অৱশ্যে এতিয়ালৈকে এই প্ৰতিবেদনক লৈ কোনো ধৰণৰ আনুষ্ঠানিক ৰায়দান কৰা নাই উচ্চতম ন্যায়ালয়ে। তথাপিও এই সমগ্ৰ বিষয়টোত এছ আই টিৰ প্ৰতিবেদনত বনতাৰাৰ বিষয়ে কোনো আসোৱাঁহ নাই বুলি উল্লেখ কৰিছে।

এই এছ আই টিত আছিল বহুকেইগৰাকী প্ৰাক্তন ন্যায়াধীশ আৰু আই আৰ এছ বিষয়া। উল্লেখ কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰৰ পৰা এজনী হাতী বনতাৰালৈ লৈ অহাৰ পিছতে সৃষ্টি হৈছিল বিৰ্তকৰ। উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল একাংশই। অৱশেষত এই সমগ্ৰ বিষয়টোক লৈ যোৱা ২৫আগষ্টত এছ আই টি গঠন কৰি দিছিল উচ্চতম ন্যায়ালয়ে। 

এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদন ইতিমধ্যে অধ্যয়ন কৰিছে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে। বিচাৰপীঠে আজি প্ৰথমটো শুনানি গ্ৰহণ কৰি বনতাৰাত হাতী সংৰক্ষণক লৈ কোনো আসোৱাঁহ নথকাৰ কথা সদৰি কৰে। লগতে লগতে বাৰে বাৰে এই বিষয়টোক লৈ বিৰ্তকৰ সৃষ্টি নকৰিবলৈও সকিয়নী প্ৰদান কৰে। 

মুকেশ আম্বানী