বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত যাত্ৰা কৰিবলৈ কিমান টকাৰ প্ৰয়োজন ?

অত্যাধুনিক শৌচাগাৰ, শিশুৰ যত্ন লোৱাৰ বাবে বিশেষ স্থান আৰু গৰম পানীৰে গা ধোৱাৰ সুবিধা থাকিব এই বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ   ভাৰতৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন অতি শীঘ্ৰেই গুৱাহাটী আৰু হাওৰাৰ মাজত চলিবলৈ সাজু হৈছে। শেহতীয়া তথ্য অনুসৰি, জানুৱাৰী মাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই শ্লীপাৰ ট্ৰেইনখনৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে। 

WhatsApp Image 2026-01-05 at 3.17.52 PM

উল্লেখ্য যে, বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনক লৈ ৰে'ল যাত্ৰী সকলৰ মনলৈ অহিছে বহু প্ৰশ্ন। বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ প্ৰতিটো ডবাৰ বাবদ কিমান টকা খৰচ হৈছে?  লগতে এই ৰে'লত যাত্ৰা কৰিবলৈ কিমান টকা দিব লাগিব? এনে বহু প্ৰশ্ন আহিছে যাত্ৰীসকলৰ মনলৈ। 

WhatsApp Image 2026-01-05 at 3.18.14 PM

এইিখিনিতে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰিছে যে- এই ৰে'লখন নিৰ্মাণৰ খৰচ মেট্ৰ'ৰে'লৰ ডবাতকৈ কম। মেট্ৰ' ৰে'লৰ ডবা এটাৰ দাম সাধাৰণতে ১০ৰ পৰা ১০.৫ কোটি টকা। আনহাতে, বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইনৰ ডবা এটাৰ খৰচ প্ৰায় ৮ৰ পৰা ৮.৫ কোটি হ'ব বুলি অনুমান কৰিছে। লগতে তেওঁ  কয় -  এই বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনখনত মুঠ ১৬টা ডবা থাকিব। ইয়াৰে ১১ টি ডবা এচি ৩ টায়াৰ, ৪ টা ডবা এচি ২ টায়াৰ আৰু ১ টা ডবা ফাৰ্ষ্ট এচি। এই ৰে'লখনত মুঠ ৮২৩ জন যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ইয়াৰে ৩ টায়াৰত ৬১১ জন, ২ টায়াৰত ১৮৮ জন আৰু ফাৰ্ষ্ট এচিত ২৪ জন যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰে।

WhatsApp Image 2026-01-05 at 3.17.38 PM

প্ৰণিধানযোগ্য যে, যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিমানৰ ভাড়াতকৈ বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনৰ মূল্য যথেষ্ট কম ৰখা হৈছে। প্ৰতিটো ডবা অনুযায়ী ভাড়া বেলেগ বেলেগ ভৰিব লাগিব।  এচি ৩ টায়াৰত ২,৩০০ টকা, এচি ২ টায়াৰত ৩০০০ টকা আৰু এচি ফাৰ্ষ্ট ক্লাছত ৩,৬০০ টকা। এই মূল্যত খাদ্যৰ খৰচো অন্তৰ্ভুক্ত থাকিব বুলি জানিব দিয়ে। ইপিনে অত্যাধুনিক শৌচাগাৰ, শিশুৰ যত্ন লোৱাৰ বাবে বিশেষ স্থান আৰু গৰম পানীৰে গা ধোৱাৰ সুবিধা থাকিব এই বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত ।

বন্দে ভাৰত শ্লীপাৰ