ভেলেণ্টাইন ডে'ৰ ইতিহাস,তাৎপৰ্য  কি?

স্বর্গীয় অনুভূতিৰ এপাহি পাৰিজাত পুষ্প হৈছে প্রেম। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱস পালন কৰা হয়। কিন্তু এই ভেলেণ্টাইন ডে' ৰ তাৎপৰ্য কি জানে নে আপুনি ?

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-06 at 4.53.57 PM

ডিজিটেল ডেস্কঃ স্বর্গীয় অনুভূতিৰ এপাহি পাৰিজাত পুষ্প হৈছে প্রেম। যি জীৱনক ৰঙীন আৰু পূৰ্ণৰূপে বিকশিত কৰে। প্ৰেমৰ এক বিশেষ গাম্ভীৰ্য থাকে। ফেব্ৰুৱাৰী মাহটো যুৱক-যুৱতী সকলৰ বাবে অতি বিশেষ। কিয়নো ফেব্ৰুৱাৰী মাহক প্ৰেমৰ মাহ বুলি কোৱা হয়। বছৰটোত প্ৰেমৰ দিনবোৰ এই মাহতে উদযাপন কৰা হয়।সাত দিনীয়া প্ৰেমৰ উৎসৱ এই ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয়। প্ৰেমত থকা সকলৰ বাবে, প্ৰতিটো দিন এক উদযাপনৰ দৰে হৈ পৰে।

Why Valentine's Day is Celebrated? Know Its Origin, Significance, and Gift  Ideas | FloraIndia

প্ৰেমৰ এই সপ্তাহটোক ভেলেণ্টাইন সপ্তাহ বুলিও কোৱা হয়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱস পালন কৰা হয়। কিন্তু এই ভেলেণ্টাইন ডে' ৰ তাৎপৰ্য কি জানে নে আপুনি ? ভেলেণ্টাইন দিৱস আচলতে চেইণ্ট ভেলেণ্টাইন নামৰ এজন ৰোমান সাধুৰ মৃত্যুবাৰ্ষিকী হিচাপে পালন কৰা হয়। কিছুমান ৰোমৰ লোক কাহিনী জড়িত হৈ আছে। এই দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে উৎসৰ্গিত। এই সুন্দৰ অনুষ্ঠানটো সাধুজনৰ নামত উদযাপন কৰা হয়। উদযাপনবোৰ গোটেই সপ্তাহধৰি চলি থাকে আৰু দম্পতীসকলে ইজনে সিজনৰ সৈতে এটা সুন্দৰ সময় অতিবাহিত কৰে।

WhatsApp Image 2026-02-06 at 4.29.26 PM

উল্লেখ্য যে- ২৬৯ খ্ৰীঃ ত ১৪ ফেব্ৰুৱাৰীত ৰোমৰ চেইণ্ট ভেলেণ্টাইন শ্বহীদ হৈছিল। শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ সন্মানত ৪৯৬ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰীত পোপ গেলাছিয়াছ প্ৰথমে চেইণ্ট ভেলেণ্টাইন ভোজ প্ৰতিষ্ঠা তথা ছেইণ্ট ভেলেণ্টাইন দিৱস উদযাপন কৰিছিল। তেতিয়াৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। ইপিনে ভেলেণ্টাইন ডে’ৰ উৎপত্তি হৈছে ৰোমান উৎসৱৰ পৰা ৷ ৪৯৬ খ্ৰীষ্টাব্দত বিশ্বত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ভেলেণ্টাইন ডে৷ ইয়াৰ পাছত পঞ্চম শতিকাত ৰোমৰ পোপ গেলাছিয়াছে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে ৷ আজিৰ পৰাই ১৪ ফেব্ৰুৱাৰী তাৰিখটো ৰোমকে ধৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ভেলেণ্টাইন ডে’হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে ৷ কেৱল এয়াই নহয়, ৰোমৰ বহু চহৰত আজিৰ দিনটোতে গণ বিবাহৰ আয়োজন কৰা হয় ৷

ভেলেণ্টাইন ডে'