জম্মু-কাশ্মীৰত প্ৰচণ্ড বৰষুণ, ভূমিস্খলনঃ সাময়িকভাৱে বন্ধ বৈষ্ণো দেৱী যাত্ৰা...

জম্মু-কাশ্মীৰত সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বেয়া বতৰৰ বাবে প্ৰসিদ্ধ তীৰ্থক্ষেত্ৰ বৈষ্ণো দেৱীৰ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
gdgfgfg

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বেয়া বতৰৰ বাবে প্ৰসিদ্ধ তীৰ্থক্ষেত্ৰ বৈষ্ণো দেৱীৰ যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কাত্ৰাৰ অৰ্ধকুম্ৱাৰী অঞ্চলত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।

Advertisment

মাতা বৈষ্ণো দেৱী তীৰ্থক্ষেত্ৰ ব্যৱস্থাপনা সমিতিৰ মুখপাত্ৰই জনোৱা অনুসৰি, "ভক্তসকলৰ সুৰক্ষা আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ। পৰিস্থিতি স্বাভাৱিক হ’লে পুনৰ যাত্ৰা আৰম্ভ কৰা হ’ব।" উল্লেখযোগ্য যে, প্ৰথমে হিমকোটি পথ বন্ধ কৰা হৈছিল যদিও বতৰ অধিক বেয়া হোৱাৰ বাবে সম্পূৰ্ণ যাত্ৰাই বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়। প্ৰশাসনে ভক্তসকলক মাতা বৈষ্ণো দেৱী তীৰ্থক্ষেত্ৰ ব্যৱস্থাপনা সমিতিৰ জৰিয়তে জাৰি কৰা নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনাইছে আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবৰ বাবে সতর্ক কৰিছে।

ইফালে, নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। ৰবি নদীৰ ওপৰত থকা ৰঞ্জিত সাগৰ বান্ধৰ সকলো দুৱাৰ মুকলি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি ২৭ আগষ্টৰ পুৱা ৫:৩০ বজালৈকে ডোডা, জম্মু, কাঠুৱা, কিষ্টৱাৰ, চাম্বা আৰু উধামপুৰ জিলাত মধ্যমীয়াৰ পৰা ভয়াৱহ বানপানীৰ সম্ভাৱনা আছে। নাগৰিকক স্পৰ্শকাতৰ অঞ্চলত নযাবলৈ আৰু সজাগ থাকিবলৈ আহ্বান জনোৱা হৈছে। আনহাতে জৰুৰীকালীন অৱস্থাত ১১২ নম্বৰ ডায়েল কৰিবলৈও পৰামৰ্শ দিয়া হৈছে প্ৰশাসনে।

বৈষ্ণো দেৱী