বৈভৱ সূৰ্যবংশীক বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ বিচিচিআইৰ

বিস্ময় বালক বৈভৱ সূৰ্যবংশী। শেহতীয়া চিজনৰ আই পি এলত দৰ্শনীয় বেটিংশৈলীৰে দৃষ্টি আকৰ্ষণ কৰা বৈভৱক বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বাংগালুৰুলৈ

author-image
Asomiya Pratidin
New Update
72

ডিজিটেল ডেস্ক : বিস্ময় বালক বৈভৱ সূৰ্যবংশী। শেহতীয়া চিজনৰ আই পি এলত দৰ্শনীয় বেটিংশৈলীৰে দৃষ্টি আকৰ্ষণ কৰা বৈভৱক বিশেষ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বাংগালুৰুলৈ। বিচিচিআইৰ তত্বাৱধানত বাংগালুৰুৰ চেণ্টাৰ অৱ এক্সিলেন্সত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব।

Advertisment

তেওঁৰ ক্ৰীড়া প্ৰতিভা আৰু বেটিংশৈলী আৰু অধিক পৰিপক্ক কৰাৰ বাবে বাংগালুৰুলৈ পঠিওৱা হৈছে। তাত তেওঁ কিছুদিন প্ৰশিক্ষণ গ্ৰহণ কৰিব। 

আনহাতে বিচিচিআয়ে অকাস্মাতে তেওঁক বিশেষ প্ৰশিক্ষণৰ বাবে পঠিওৱা কাৰ্যই একাংশৰ মাজত চিন্তাৰ খোৰক জন্মাইছে। সমাগত অষ্ট্ৰেলিয়া চিৰিজত হয়তো বৈভৱৰ অভিষেক ঘটিব পাৰে ভাৰতীয় জাতীয় ক্ৰিকেট দলত।

bcci