/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/up-landslide.jpg)
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰাজ্যখনৰ পিথোৰাগড়ত সংঘটিত হোৱা এই ভূমিস্খলনত ২ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক ধ্বংসাৱশেষৰ তলত আছে। জানিব পৰা মতে এই ঘটনা পিথোৰাগড়ৰ জুম্মা গাঁৱৰ ওচৰত সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে টুইট কৰি কৈছে যে, তেওঁ জিলা উপায়ুক্তক এই ভূমিস্খলনৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। লগতে তেওঁ আৱদ্ধ লোকসকলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো বুলি উল্লেখ কৰিছে।
উল্লেখ্য যে ৰাজ্যখনৰ পিথোৰাগড়ত ডাৱৰ বিস্ফোৰণ, ধাৰাসাৰ বৰষুণৰ লগতে শিল খহি পৰাৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে। ৰাজ্যখনত ইয়াৰ পূৰ্বে মাত্ৰ দুদিন আগতে ডাৱৰ বিস্ফোৰণ হৈছিল আৰু ইয়াৰ ফলত ফলত বানপানীৰল সৃষ্টি হৈছিল।
पिथौरागढ़ जनपद के जुम्मा गांव के पास भूस्खलन की वजह से 2 लोगों की दुखद मौत एवं 5 अन्य की मलबे में दबे होने की खबर है।
इस विषय में जिलाधिकारी से बात कर रेस्क्यू मिशन तेज करने का निर्देश दिया है। मैं वहां फंसे लोगों की सलामती के लिए ईश्वर से प्रार्थना करता हूँ।
— Pushkar Singh Dhami (@pushkardhami) August 30, 2021