উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণঃ সন্ধানহীন কেইবাজনো লোক

শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ত থাৰালী বজাৰ, কোটদীপ, তহচিল থাৰালী অঞ্চলৰ উপৰিও চেপডন আৰু ছাগৱৰাত ব্যাপক ক্ষতিসাধন হৈছে।

author-image
Asomiya Pratidin
New Update
web ap uttra

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ চামোলী জিলাত পুনৰ সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণৰ ঘটনা। শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ভয়ংকৰ প্ৰাকৃতিক বিপৰ্যয়ত থাৰালী বজাৰ, কোটদীপ, তহচিল থাৰালী অঞ্চলৰ উপৰিও চেপডন আৰু ছাগৱৰাত ব্যাপক ক্ষতিসাধন হৈছে।

Advertisment

ডাৱৰ বিস্ফোৰণৰ ফলত বহু ঘৰ-দুৱাৰ ধ্বংসাৱশেষে আৱৰি ধৰিছে, দোকান-পোহাৰো ক্ষতিগ্ৰস্ত হৈছে। তহচিলত থকা কেইবাখনো বাহন ধ্বংসাৱশেষৰ তলত পোত যোৱাৰ তথ্য পোৱা গৈছে। লগতে বহু পথ-বাট ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। পাহাৰৰ পৰা বৈ অহা বোকা-পানীয়ে পুতি পেলাইছে বহু ঘৰ।

এই ঘটনাত এতিয়ালৈকে এগৰাকী কণমানিসহ দুজন লোক সন্ধানহীন বুলি স্থানীয় প্রশাসনে জনাইছে। উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে এন ডি আৰ এফৰ দল ঘটনাস্থললৈ ৰাওনা হৈছে। স্থানীয় প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা দলেও উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে।

ইফালে, সগোৱাৰা গাঁৱত এগৰাকী ব্যক্তি আৰু একেখন গাঁৱৰ এগৰাকী ২০ বছৰীয়া কিশোৰী ধ্বংসাৱশেষৰ তলত পোত যোৱাৰ তথ্য লাভ কৰা হৈছে। গৌচাৰৰ পৰা এছ ডি আৰ এফৰ দল তৎপৰতাৰে ঘটনাস্থলীলৈ ৰাওনা হৈছে। আনহাতে, অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ বাবে থাৰালী, দেৱাল আৰু নাৰায়ণবাগ উন্নয়ন খণ্ডৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।

উত্তৰাখণ্ড