ডিজিটেল ডেস্কঃ বেছি ফূৰ্তি কৰিলেও কেতিয়াবা বিপদ আহিব পাৰে। উত্তৰপ্ৰদেশৰ কেইজনমান আৰক্ষীৰ এনে দশাই হ'ল। পথৰ কাষত গাড়ী ৰখাই কেইগৰাকীমান আৰক্ষীয়ে ফূৰ্তি কৰিছিল নাচি-বাগি। পিছে সেই ফূৰ্তিয়ে কাল হ'ল তেওঁলোকৰ।
আউৰায়া নামৰ স্থানত কৰ্তব্যত নিয়োজিত এইসকল আৰক্ষীয়ে নাচি-বাগি মছগুল হোৱা দৃশ্য ভাইৰেল হ'ল ছ'চিয়েল মিডিয়াত। আৰক্ষীৰ এই নৃত্য দেখি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰপাছতেই উত্তৰপ্ৰদেশ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিছে। চাওঁক আৰক্ষী নাচি থকা সেই ভিডিঅ'-