/asomiyapratidin/media/media_files/2025/12/03/new-ap-web-1-35-2025-12-03-17-27-37.jpg)
ডিজিটেল ডেস্কঃ প্ৰেম অন্ধ! প্ৰেমো নামানে কোনো জাতি-ধৰ্ম। নিতৌ ন ন পৰকীয়া প্ৰেমৰ কাহিনী শুনি থকাৰ সময়ে এইবাৰ পোহৰলৈ আহিছে আন এক পৰকীয়া প্ৰেমৰ কাহিনী। ৫টাকৈ সন্তানৰ মাতৃয়ে ডাঙৰ পুত্ৰৰ বয়সৰ এজন যুৱকৰ প্ৰেম হয়। মহিলাগৰাকীয়ে স্বামী আৰু সন্তানৰ সন্মুখতে প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰত সংঘটিত হৈছে এই ঘটনা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-image-2025-12-03-17-08-37.jpeg)
উল্লেখ্য যে, নিখিল নামৰ এজন যুৱকে চাফাই কৰ্মী । চাফাই কাম কৰাৰ সময়তে লগ পাইছিল এগৰাকী মহিলাক। মহিলাগৰাকী আছিল বিবাহিতা আৰু ৫ সন্তানৰ মাতৃ। তথাপিও তেওঁ নিখিলৰ প্ৰেমত পৰিছিল। বয়সত মহিলাগৰাকীতকৈ নিখিল বহুত সৰু, কিন্তু তাৰ পাছতো দুয়োৰে মাজত গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/03/whatsapp-imag-2025-12-03-17-14-12.jpeg)
তাৰোপৰি দীৰ্ঘদিন ধৰি চলা এই পৰকীয়া প্ৰেমৰ অন্তত মহিলাগৰাকীয়ে যুৱকজনৰ সৈতে একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পাছতে দুয়ো আৱদ্ধ হয় বিবাহ পাশত।আচৰিত ভাৱে এই বিবাহত মহিলাগৰাকীৰ স্বামীও উপস্থিত থাকে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us