/asomiyapratidin/media/media_files/2025/09/03/yhh-2025-09-03-13-48-42.jpg)
ডিজিটেল ডেস্কঃ পত্নীৰ সৈতে প্ৰথমে কাজিয়া। এই কাজিয়া গৈ পালেগৈ থানা। থানাত পত্নীয়ে লোকজনৰ বিৰুদ্ধে উত্থাপিত কৰে নানান অভিযোগ। এই অভিযোগৰ পৰা হাত সাৰিবলৈ আৰক্ষীয়ে দিলীপ নামৰ লোকজনৰ পৰা বিচাৰে ৫০হাজাৰ টকা।
আৰ্থিকভাৱে যথেষ্ট দুৰ্বল দিলীপে কাকুতি-মিনতি কৰি ৪০হাজাৰ টকা দি আৰক্ষীৰ বেহুৰ পৰা মুক্ত হৈ আহে।চৰম অপমানৰ বাবে মানসিকভাৱে ভাগি পৰা দিলীপে অৱশেষত গ্ৰহণ কৰে চৰম সিদ্ধান্ত। আত্মহত্যাৰ পূৰ্বে দিলীপে পিন্ধি থকা বগা পেন্টটোতে লিখি থৈ যায় এই সমগ্ৰ ঘটনাৰ বিৱৰণ।
দিলীপে নিজৰ মৃত্যুৰ বাবে দোষাৰূপ কৰিছে ঘোচ লোৱা আৰক্ষী আৰু মানসিকভাৱে অত্যাচাৰ কৰা পত্নীৰ পৰিয়ালৰ ওপৰত। মঙলবাৰে পুৱাভাগত উদ্ধাৰ কৰা হয় দিলীপ মৃতদেহ। সোমবাৰে দিনৰ ভাগতে কাজিয়াৰ হোৱাৰ পত্নী থানাৰ পৰা বাহিৰে বাহিৰে গুছি হৈছিল মাকৰ ঘৰলৈ।
তাৰ পিছতে থানাত ধন দি মুকলি হৈ অহা দিলীপে সন্ধিয়া ঘৰলৈ আহি গ্ৰহণ কৰে এই চৰম সিদ্ধান্ত। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাক লৈ ইতিমধ্যে জিলা প্ৰশাসনে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে।