গোৰখপুৰত নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ অপচেষ্টাঃ মাছৰ গৰিহণা

উত্তৰ প্ৰদেশৰ গোৰখপুৰত এগৰাকী নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
SDWSDSDSD

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰত এগৰাকী নগা মহিলা চিকিৎসকক যৌন নিগ্ৰহৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে সন্ধিয়া এইমছৰ সমীপত এই নাৰকীয় ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পাছতে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰে সন্ধিয়া এটা মলৰ পৰা এইমছৰ হোষ্টেললৈ উভতাৰ সময়ত বাইকত অহা তিনি যুৱকে চিকিৎসকগৰাকীক লক্ষ্য কৰি লৈ প্ৰথমে উত্তৰ-পূৰ্বাঞ্চলক লৈ অশ্লীল মন্তব্য কৰিছিল। তাৰ পাছত যুৱতী গৰাকীক শাৰীৰিক আক্ৰমণৰ চেষ্টা চলায় দুৰ্বৃত্তই।

ইফালে, চিকিৎসকগৰাকীয়ে প্ৰাণপণে দৌৰি হোষ্টেললৈ আগবাঢ়িলেও অভিযুক্তসকলে আগভেটা দি তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় ডেৰ কিলোমিটাৰ ধৰি তেওঁক অনুসৰণ কৰাৰ পাছত এইমছৰ ২ নং প্ৰৱেশদ্বাৰৰ ওচৰত চিকিৎসকগৰাকীয়ে চিঞৰ-বাখৰ কৰাত তিনিও অভিযুক্তই স্থান ত্যাগ কৰে।

পিছত চিকিৎসকগৰাকীয়ে সহ-আবাসীসকলক ঘটনাৰ বিষয়ে অৱগত কৰি আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ জৰিয়তে তিনিজন অভিযুক্তক চিনাক্ত কৰে। সোমবাৰে আৰক্ষীয়ে দুজন অভিযুক্ত—শুবম গুপ্তা (২২) আৰু অমৃত বিশ্বকৰ্মা (২১)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তৃতীয়জন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। তিনিও অভিযুক্তৰ ঘৰ দেউৰীয়া জিলাত বুলি জানিব পৰা গৈছে।

ঘটনাটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। নাগালেণ্ডত ছাত্ৰ সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

ইয়াৰ উপৰিও মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে। সংগঠনটোৱে কয় যে, দেশৰ বিভিন্ন প্ৰান্তত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীসকলৰ ওপৰত ঘটি থকা এনে ঘটনা অত্যন্ত উদ্বেগজনক আৰু চৰকাৰে তেওঁলোকৰ সুৰক্ষাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।