উত্তৰ প্ৰদেশত যোগীৰ চৰকাৰ; কাক দিয়া হ’ব প্ৰাধান্য…

উত্তৰ প্ৰদেশত যোগীৰ চৰকাৰ; কাক দিয়া হ’ব প্ৰাধান্য…

author-image
asomiyapratidin
New Update
বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব যোগী আদিত্যনাথ…

ডিজিটেল ডেস্ক: হোলীৰ পাছত ৪ ৰাজ্যত গঠন হ'ব বিজেপি চৰকাৰ কিন্তু ইয়াৰ পূৰ্বে চৰকাৰ গঠন, তাৰ স্বৰুপ আৰু মন্ত্ৰীমণ্ডলক কাক অন্তৰ্ভুক্ত কৰা হ'ব তাক লৈ বৈঠক অনুষ্ঠিত হৈ আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বততে উত্তৰ প্ৰদেশত নতুন চৰকাৰ গঠন কৰা হ'ব।

Advertisment

সূত্ৰ অনুসৰি ২১ মাৰ্চত অনুষ্ঠিত হ'ব পাৰে যোগী আদিত্যনাথৰ শপত গ্ৰহণ। অৱশ্যে এয়া সলনিও হ'ব পাৰে। ভৱিষ্যতে আহিব পৰা প্ৰত্যহ্বানৰ ওপৰত লক্ষ্য ৰাখিয়েই তৈয়াৰী আৰম্ভ কৰা হৈছে উত্তৰ প্ৰদেশৰ মন্ত্ৰী নিয়োগ কৰাত।

এইবাৰ যোগীৰ মন্ত্ৰীসভাত অবিচি,অনুসূচিত জাতিৰ বিধায়ক সকলক প্ৰাধান্য দিয়া হ'ব।তদুপৰি যুৱ, মহিলা আৰু উচ্চ শিক্ষিত বিধায়ক সকলক স্থান দিয়া হ ব।

উল্লেখ্য যে, যোদী আদিত্যনাথৰ যোৱাবাৰৰ চৰকাৰৰ ১১ গৰাকী মন্ত্ৰীয়ে নিৰ্বাচনত পৰাজয় লাভ কৰিছ, ৪ গৰাকী মন্ত্ৰী বেলেগ দলত যোগদান কৰিছে যাৰ বাবে মন্ত্ৰী পৰিষদত ১৫ টা পদ খালী আছে।সম্ভৱত উত্তৰ প্ৰদেশত ২০ গৰাকী নতুন মন্ত্ৰী হ'ব।