Advertisment

মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কিমানৰ মৃত্যু হ'লে কাৰ্যক্ষম হ'ব মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ICU...

মৰিগাঁওৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মেলে মিটিঙে মোৰ মতে বিষয়া নাথাকিলে, মোৰ পছন্দৰ বিষয়া বদলি কৰিলে মুখ্যমন্ত্ৰীৰ ওচৰত আন্দোলন কৰিম বুলি দম্ভালী মাৰে কিন্তু ICU টো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ এসাৰো মাত নামাতে বুলি ক্ষোভ উজাৰে উৎপল শৰ্মাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
pijush

ডিজিটেল সংবাদ,মৰিগাঁও: "মৰিগঞা আৰু কিমানজনৰ মৃত্যু হ'লে কাৰ্য্যক্ষম হ'ব মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ ICU কক্ষ, হিচাপটো দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া" - মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন  সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ। দুজনকৈ প্ৰভাৱশালী মন্ত্ৰী আৰু স্থানীয় বিধায়কে আইচিইউ টো উদ্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত মৰিগাঁও ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। মৰিগাঁৱৰ ৰাইজক এটা ভাল উপহাৰ দিয়া বুলিও কৈছিল।

আনহাতে মৰিগাঁওৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মেলে মিটিঙে মোৰ মতে বিষয়া নাথাকিলে, মোৰ পছন্দৰ বিষয়া বদলি কৰিলে মুখ্যমন্ত্ৰীৰ ওচৰত আন্দোলন কৰিম বুলি দম্ভালী মাৰে কিন্তু ICU টো সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তুলিবলৈ এসাৰো মাত নামাতে বুলি ক্ষোভ উজাৰে উৎপল শৰ্মাই।

Advertisment

মৰিগাঁৱত চৰকাৰী চিকিৎসা খণ্ডৰ বাস্তৱ ছবি । ১৩ মাহে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ আই চি  ইউ কক্ষ। মৰিগাঁওলৈ বিকাশৰ গংগা বোৱাই অনাৰ সপোন দেখুওৱা বিজেপি চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ প্ৰকৃত স্বৰূপ উদঙাইছে আনুষ্ঠানিক উদ্বোধন কৰাৰ ১৩ মাহৰ পিছতো কাৰ্যক্ষম নোহোৱা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ আই চি ইউ কক্ষই।

উল্লেখযোগ্য যে ২০২৩ চনৰ ১৬ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দুই কেবিনেট মন্ত্ৰী ক্ৰমে তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই জাকজমক অনুষ্ঠানৰ জৰিয়তে উদ্বোধন কৰিছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য বিভাগ আৰু আই চি ইউ কক্ষ।

ভাষণত উন্নয়নৰ গংগা বোৱাই অনাই নহয় মৰিগাঁও জিলাৰ দুখীয়া জনসাধাৰনৰ জৰুৰী চিকিৎসাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন সপোন দেখুৱাইছিল। ৰেফাৰ চেন্টাৰত পৰিনত হোৱা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা জৰুৰী চিকিৎসাৰ প্ৰয়োজন ৰোগীক গুৱাহাটী- নগাঁও লৈ  প্ৰেৰণ কৰা নিত্য নৈমিত্তিক কাৰ্যৰ অৱসান হব,দুখীয়া ৰাইজে ব্যাপক সকাহ লাভ কৰিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু বাস্তৱত সেইয়া আজি দিনটো লৈকে হৈ নুঠিল।

উদ্বোধনৰ ১৩ মাহৰ পিছতো মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য সেৱা বিভাগৰ আই চি ইউ কক্ষত মৰিগাঁও জিলাৰ ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম নহ'ল। উল্লেখযোগ্য যে উক্ত আই চি ইউ কক্ষত  ১৯ খনকৈ আই চি ইউ বিচনা আৰু ৪ খন ভেন্টিলেচনযুক্ত বিচনা আছে। উক্ত আই চি ইউ কক্ষটো কাৰ্যক্ষম হোৱা হ'লে বহু ৰোগী তথা অভিভাৱকে সকাহ পোৱাই নহয় মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা নগাঁও-গুৱাহাটীলৈ স্থানান্তৰ কৰা ৰোগীৰ সংখ্যা হ্ৰাস পালে হেতেন।

ইতিমধ্যে  আই চি ইউ ,ভেন্টিলেচনৰ অভাৱত যোৱা এটা বছৰত কেইবাটাও নৱজাতক তথা শিশু ৰোগী মৃত্যু হোৱা লগতে  শিশু ৰোগীক উন্নত চিকিৎসাৰ বাবে নগাঁও -গুৱাহাটীলৈ ৰেফাৰ কৰাটো  পোহৰলৈ আহিছে।  ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ২০২৪ চনৰ মাৰ্চ মাহলৈকে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা ৪৪৭ গৰাকী ৰোগী নগাঁও -গুৱাহাটীলৈ ৰেফাৰ কৰিছে।  

আনহাতে ৰেফাৰ হোৱা সংখ্যাধিক্য ৰোগীকে আই চি ইউ চিকিৎসা সেৱাৰ  প্ৰয়োজন। ৰাইজৰ বাবে আনুষ্ঠানিকভাবে উদ্ধোধন কৰাৰ পিছতো  আই চি ইউ কক্ষ কাৰ্যক্ষম নোহোৱা বাবে নগাঁও -গুৱাহাটীলৈ ৰেফাৰ কৰিব লগীয়া হোৱাটোৱেই মৰিগাঁও জিলাত  চৰকাৰী চিকিৎসা সেৱাৰ খণ্ডৰ পয়ালগা ছবি প্ৰতিফলিত কৰিছে।

 মৰিগাঁওবাসীৰ বহু আবেদন‌ নিবেদনৰ মূৰকত কেইবাকোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য বিভাগ, আই চি ইউ কক্ষ নিৰ্মাণ কাৰ্য বিসংগতিয়েই হওঁক বা বিশেষজ্ঞ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ অভাৱৰ বাবে হওঁক কাৰ্যক্ষম নোহোৱাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

মৰিগাঁও