১৬জনক গ্ৰেপ্তাৰ! এতিয়াও পলাতক যোৰহাট কাণ্ডৰ মূল খলনায়ক উৎপল বৰা...

জুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি যোৰহাটত একাংশই সৃষ্টি কৰিছিল অশান্তিময় পৰিৱেশৰ। এই পৰিৱেশ সৃষ্টিৰ মাষ্টাৰ মাইণ্ড উৎপল বৰা আজিও পলাতক। যিসময়ত জুবিনৰ শেষ যাত্ৰাত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰা

author-image
Asomiya Pratidin
New Update
ujjjddd

ডিজিটেল ডেস্কঃজুবিন গাৰ্গৰ নামত আৱেগ সৃষ্টি কৰি যোৰহাটত একাংশই সৃষ্টি কৰিছিল অশান্তিময় পৰিৱেশৰ। এই পৰিৱেশ সৃষ্টিৰ মাষ্টাৰ মাইণ্ড উৎপল বৰা আজিও পলাতক। যিসময়ত জুবিনৰ শেষ যাত্ৰাত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰা একাংশ উদণ্ড যুৱক-যুৱতীক লৈ অসম আৰক্ষীয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে, তেনে সময়তে এই উতপল বৰাৰ কোনো শুংসূত্ৰ বিচাৰি পোৱা নাই অসম আৰক্ষীয়ে। 

উতপলৰ কোনো সন্ধান এতিয়ালৈকে আৰক্ষীয়ে লাভ কৰা  নাই যদিও ইতিমধ্যে এই কাণ্ডৰ সৈতে জড়িত ১৬জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সকল ক্ৰমে, বিতোপন বৈশ্য, উজ্জ্বল বৰা, দেৱজিত গগৈ, ধ্ৰৱজ্যোতি শৰ্মা, প্ৰিয়াংকু বৰা, বিতোপন দত্ত, চন্দন দাস,প্ৰাঞ্জল ডেকা, গৌৰীশংকৰ গগৈ,  মনজিত বৰুৱা, চুনু শ্বাহ, দুলুমণি বৰা, লেখন ৰবি দাস, অমল বৰা আৰু বিশ্বজিত বৰা।

এই আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও বুধবাৰে নিশা জামিন লাভ কৰে আটাইকেইগৰাকী অভিযুক্তই। উৎপল বৰাৰ নেতৃত্বত এইসকলে জনতাক উচতনি দিয়াৰ লগতে জুবিন গাৰ্গৰ শৱদেহ যোৰহাটলৈ অনাৰ দাবীৰে প্ৰায় ২০ ঘণ্টাতকৈ অধিক সময় ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ৷

কেৱল এয়াই নহয়, ২৫ টা বৰ্ষত ভৰি দিবলৈ ওলোৱা যোৰহাট প্ৰেছ ক্লাবটো ভাঙি দিয়াৰো হুংকাৰ দিছিল উক্ত লোকসকলে ৷ যোৰহাটত সংঘটিত এনে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা লোকসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিছিল ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত এই উৎপল বৰাৰ কথা উল্লেখ কৰিছিল।  য়াৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা একাংশ লোকক ভিডিঅ’ ফুটেজৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল যোৰহাট আৰক্ষীয়ে ৷ কিন্তু লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে নিজ মুখে উল্লেখ কৰা এই গৰাকী অভিযুক্তৰ সন্ধান এতিয়াও পাবলৈ সক্ষম হোৱা নাই অসম তথা যোৰহাট আৰক্ষীয়ে। 

জুবিন গাৰ্গ