মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনঃ গহপুৰত উৎপল বৰাৰ সংবাদমেল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণেৰে বিজেপিয়ে আৰম্ভ কৰা "জন আৰ্শীবাদ যাত্ৰা"ৰ কাৰ্য্যসূচী আজি গহপুৰত ৰূপায়ণ হ'ব।

author-image
Asomiya Pratidin
New Update
csdsdsd

ডিজিটেল সংবাদ, গহপুৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণেৰে বিজেপিয়ে আৰম্ভ কৰা "জন আৰ্শীবাদ যাত্ৰা"ৰ কাৰ্য্যসূচী আজি গহপুৰত ৰূপায়ণ হ'ব।

এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই কয় যে, দুই মাৰ্চত গহপুৰত ৰূপায়ণ হ'বলগীয়া বিজেপিৰ জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই দিনা তেওঁ হেলিকেপ্তাৰেৰে আহি পুৱা প্ৰায় ১০ বজাত প্ৰথমে উপস্থিত হ'ব বৰঙাবাৰীৰ ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যাণী দেৱালয়ত।

মুখ্যমন্ত্ৰীগৰাকী শ্ৰীশ্ৰী কল্যাণী মাৰ সেৱা লৈ উপস্থিত হ'ব বৰঙাবাৰীৰ মাজমজিয়াত থকা ছহিদ কনকলতা বৰুৱা উদ্যানত। তাত তেওঁ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰিব। ইয়াৰ পিছত তেওঁক আদৰি নিয়া হ'ব গহপুৰ নগৰ অভিমুখে।

গহপুৰ নগৰৰ পশ্চিম সীমান্তৰ আৰম্ভণি স্থান পুৰুপবাৰীৰ পৰা ছয়দুৱাৰ মণ্ডল বিজেপিৰ উদ্যোগত মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ পিছত হাৱাজানলৈকে প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত তেওঁ জন আৰ্শীবাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। উক্ত যাত্ৰাত অংশগ্ৰহণ কৰি পুৰূপবাৰীৰ পৰা গহপুৰ নগৰৰ মাজমজিয়াত উপস্থিত হোৱাৰ পিছত অসম ৰাজ্যিক বাছ আস্থানৰ চৌহদত ৰাইজক উদ্দেশ্য কৰি চমু ভাষণ ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছত কলাবাৰী আৰু হাৱাজান অভিমুখে ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আৰ্শীবাদ যাত্ৰাৰ দল। ছয়দুৱাৰ মণ্ডল বিজেপিৰ পিছত বৰপুখুৰী মণ্ডল বিজেপিয়ে আদৰণি জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। যাত্ৰা পথত কলাবাৰী আৰু হাৱাজানতো চমু ভাষণ আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তদুপৰি ঠায়ে ঠায়ে তেওঁক বিভিন্ন জনে সাদৰ সম্ভাষণ জনাব।

হাৱাজানত পূৱ কলাবাৰী, দক্ষিণ কলাবাৰী আৰু পিছলা সোৱণশিৰী পঞ্চায়তৰ উদ্যোগত এক বিশাল জনসমাগম হ'ব বুলি সংবাদমেলখনত উল্লেখ কৰে বিধায়ক উৎপল বৰাই। ব্ৰহ্মাজানৰ "হাইৱে খানা খাজনা ৰেষ্টুৰেণ্ট"ৰ সভাগৃহত অনুষ্ঠিত হোৱা সংবাদ মেলখনত বিধায়ক উৎপল বৰাই আৰু কয় যে উক্ত যাত্ৰাত চাৰিচকীয়া বাহনৰ সলনি দুচকীয়া বাহনৰ জৰিয়তে প্ৰায় গহপুৰৰ দুই হাজাৰ যুৱ মৰ্চাৰ যুৱকে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীক আদৰি নিব।এই যাত্ৰাত সৰ্বমুঠ প্ৰায় ৫০/৬০ হাজাৰ লোকৰ সমাগম হ'ব বুলি উল্লেখ কৰে বিধায়ক উৎপল বৰাই।

উক্ত সংবাদমেলত জ্যেষ্ঠ বিজেপি নেতা নোমল বৰুৱা, নিৰণ হাজৰিকা, প্ৰশান্ত বৰা, খগেন পেগু, যতীন মূদৈ, গহপুৰ পৌৰসভাৰ চেয়াৰমেন অতুল বৰা, ৰেণু ভড়ালী, স্নিগ্ধা গোস্বামী আদি উপস্থিত থাকে। এই কাৰ্য্যসূচী সফল কৰি তুলিবলৈ সমূহ গহপুৰবাসী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে বিধায়ক উৎপল বৰাই।

ড হিমন্ত বিশ্ব শৰ্মা